ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

শ্ৰীলংকাৰ কৰ্তৃপক্ষই তামিলনাডুৰ মাছমৰীয়াসকলক কৰায়ত্ত কৰি ৰখাৰ বিষয়ক লৈ প্ৰতিবাদ বিৰোধী সাংসদৰ

লোকসভাত আজি ভালেমান বিৰোধী সাংসদে শ্ৰীলংকাৰ কৰ্তৃপক্ষই তামিলনাডুৰ মাছমৰীয়াসকলক কৰায়ত্ত কৰি ৰখাৰ বিষয়টোক লৈ প্ৰতিবাদ সাব্যস্ত কৰে। ডি এম কেৰ সাংসদ দয়ানিধী মৰাণ, কানিমুঝী আৰু এ ৰাজা, কংগ্ৰেছ সাংসদ হিবিয়াডেন, আৰ জে ডিৰ সাংসদ মনোজ ঝা, চিপি আই এমৰ পি সন্তোস আদিয়ে প্ৰতিবাদ সাব্যস্ত কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত কানিমুঝীয়ে কয় যে প্রায় ৯৭ গৰাকী মাছমৰীয়াক শ্ৰীলংকাৰ কৰ্তৃপক্ষই গ্ৰেপ্তাৰ কৰি ৰাখিছে আৰু তেওঁলোকক ভাৰতলৈ ওভতাই অনা উচিত। পাছত তেওঁ সদনৰ শূন্য কালতো এই বিষয়টো উত্থাপন কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।