■ শ্ৰীলংকাত ডিটৱাহ নামৰ ঘূৰ্ণীবতাহৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৭৪ লৈ বৃদ্ধি পাইছে। ধুমুহাৰ ফলত বেয়াকৈ ক্ষতিগ্রস্ত কেন্দি জিলাত সর্বাধিক ১১৮ জন লোকে প্ৰাণ হেৰুৱাইছে।
ভাৰতে অপাৰেচন সাগৰ বন্ধুৰ অধীনত দেশখনলৈ মানৱীয় সাহায্য আগবঢ়াইছে আৰু উদ্ধাৰ অভিযানৰ বাবে হেলিকপ্তাৰ, জাহাজৰ উপৰি অন্য আহিলাপাতি নিয়োগ কৰিছে। আই এন এছ সুকন্যা নামৰ জাহাজৰ জৰিয়তে ত্ৰিংকোমালিলৈ যোগান ধৰা সামগ্ৰীসমূহ শ্ৰীলংকাৰ বায়ুসেনা বাহিনীৰ বিমানেৰে দেশখনৰ পূব প্ৰান্তৰ দূৰণিবতীয়া এলেকাসমূহলৈ লৈ যোৱা হৈছে। ইয়াৰ উপৰি ভাৰতীয় উদ্ধাৰকাৰী দলে ভালেসংখ্যক লোকক নিৰাপদ স্থানলৈ আঁতৰাই আনিবলৈ সমৰ্থ হৈছে। পুত্তলমত নিয়োজিত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ লোকে গৰ্ভৱতী মহিলা আৰু আহতকে ধৰি প্ৰায় ৮০০ গৰাকী আৱদ্ধ লোকক সুকলমে উদ্ধাৰ কৰিছে।
ইপিনে, ভাৰতীয় বায়ু সেনা বাহিনীৰ হেলিকপ্তাৰে কালি আকাশ মাৰ্গেৰে ৫.৫ টন সাহায্য সামগ্রী বিতৰণ কৰে। বাহিনীটোৱে দুৰ্গম এলেকাৰ পৰা ভালেসংখ্যক লোকক উদ্ধাৰ কৰিছে আৰু গুৰুতৰভাৱে আহতসকলক চিকিৎসা কেন্দ্ৰলৈ লৈ গৈছে।
Site Admin | December 3, 2025 3:49 PM | Akashvani | Akashvani News | India help Sri Lanka | Sri Lanka
শ্ৰীলংকাত ডিটৱাহ নামৰ ঘূৰ্ণীবতাহৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৭৪ লৈ বৃদ্ধি