● শ্ৰীলংকাত ঘূৰ্ণীবতাহৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৩৪ লৈ বৃদ্ধি পাইছে। দেশখনৰ দুর্যোগ ব্যৱস্থাপনা কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি এই ভয়াৱহ প্রাকৃতিক দুর্যোগত এতিয়ালৈকে ৩৭০ জন লোক সন্ধান হৈ আছে। ঘূৰ্ণীবতাহৰ ফলত সৃষ্টি হোৱা বান আৰু ভূমিস্খলন অব্যাহত থকাত বহুকেইখন জিলাৰ সংযোগ বিচ্ছিন্ন হৈ আছে। ভাৰতে অপাৰেচন সাগৰ বন্ধুৰ অধীনত উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তোলাৰ লগতে অধিক ক্ষতিগ্রস্ত অঞ্চলসমূহত হেলিকপ্টাৰ আৰু এন ডি আৰ এফৰ দল নিয়োগ কৰিছে। ইপিনে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিছানায়কে দেশবাসীক উদ্ধাৰ আৰু সাহায্য অভিযান তীব্ৰতৰ কৰি তোলাৰ বাবে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে। দেশখনৰ বিভিন্ন স্থানত জৰুৰীকালীন আশ্রয় শিবিৰ স্থাপনৰ লগতে স্বেচ্ছাসেৱী সকলে খাদ্য, ঔষধ আৰু খোৱাপানী বিতৰণ কৰিছে। শ্রীলংকা আৰু ভাৰতৰ বায়ুসেনাই মাভিল অৰু টেংক, কোটমালে আদি অঞ্চলৰ পৰা ২১১ জন লোকক উদ্ধাৰ কৰিছে।
ঘূৰ্ণীবতাহৰ বাবে শ্রীলংকাত আবদ্ধ হৈ থকা বহুসংখ্যক ভাৰতীয়ক অপাৰেচন সাগৰ বন্ধুৰ অধীনত ভাৰতীয় বায়ুসেনাই তেওঁলোকৰ বিমানেৰে যোৱানিশা তিৰুৱানন্তপুৰমলৈ লৈ আনে। ঘূৰ্ণীবতাহৰ দুৰ্যোগৰ পাছত শ্ৰীলংকালৈ সাহায্য-সামগ্ৰী যোগান ধৰিবলৈ যোৱা বায়ুসেনাৰ দুখন বিমানেৰে আবদ্ধ ভাৰতীয়সকলক কলম্বোৰ পৰা তিৰুৱানন্তপুৰমলৈ লৈ অহা হয়। তিৰুৱানন্তপুৰমত উপস্থিত হোৱা লোকসকলক ঘৰলৈ উভতি যোৱাৰ বাবে বিশেষ বাছ সেৱাৰ ব্যৱস্থা কৰা হয়। শ্রীলংকাত ভাৰতীয় বায়ুসেনাৰ উদ্ধাৰ অভিযান আজিও অব্যাহত থাকিব বুলি জানিব পৰা গৈছে।