ডাউনলোড
মোবাইল এপ

android apple
signal

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিন

যোৰহাট জিলাৰ ম’হবন্ধাৰ এৰালতলী পথাৰত চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিনা বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আজি অধিৱেশনৰ দ্বিতীয় দিনটোত পুৱা পৰিৱেশ নিকাকৰণ, প্ৰাতঃপ্ৰসংগ আৰু নাম প্ৰসংগৰে কাৰ্যসূচী আৰম্ভ কৰা হয়। দিনৰ ভাগলৈ অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথিৰূপে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অংশগ্ৰহণ কৰাৰ কথা। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সাংসদ দিলীপ শ‍ইকীয়াই অতিথিৰূপে অধিৱেশনত অংশগ্ৰহণ কৰিব। অধিৱেশনৰ প্ৰথম দিনত কালি পৰিৱেশ নিকাকৰণ আৰু গছপুলি ৰোপনেৰে অধিৱেশনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে কালি প্ৰতিনিধি শিবিৰৰ তোৰণ উন্মোচন কৰে। নামঘৰৰ তোৰণ উন্মোচন, মূল সমিতিৰ কাৰ্যনিৰ্বাহক আৰু গ্ৰন্থমেলা মুকলি কৰা হয়। দিনৰ ভাগত মূল কার্যনির্বাহক সভা অনুষ্ঠিত হয়। কাইলৈ পুৱা সংঘৰ নৱনিৰ্বাচিত পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই পতাকা উত্তোলন কৰিব। এই পতাকা উত্তোলনস্থলীত কাছ আকৃতিৰ বেদী নিৰ্মাণ কৰা হৈছে। বেদীটোৰ চৌপাশত প্রতীকিভাৱে ৫৪ খন পতাকা উত্তোলন কৰা হ’ব। তদুপৰি ৯৪ সংখ্যক অধিৱেশনৰ সৈতে সংগতি ৰাখি ৯৪টা খোল আৰু ৯৪ যোৰ তাল লৈ গায়ন-বায়নসকলে মাংগলিক ধ্বনি কৰিব। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ভাগৱত শোভাযাত্ৰা আৰু ধৰ্মালোচনা সভাৰ লগতে সত্ৰীয়া সংস্কৃতিৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কাইলৈ হ’বলগীয়া মুকলি সভাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ কথা। এই অধিৱেশনত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ ভকত-বৈষ্ণৱসকলেও অংশ লৈছে।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক এই অধিৱেশনত প্ৰায় ১২ হাজাৰ স্বেচ্ছাসেৱকে দিনে-নিশাই অধিৱেশনৰ কামকাজ তদাৰক কৰি আছে। অধিৱেশনলৈ অহা প্ৰায় ১০ হাজাৰ ভক্তক বৈষ্ণৱে একেলগে আহাৰ গ্ৰহণ কৰিব পৰা ব্যৱস্থা কৰা হৈছে। সুদীৰ্ঘ ২৭ বছৰ পাছত যোৰহাটত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় অধিৱেশনৰ কাৰ্যসূচীত কেইবালাখ ভক্তই অংশগ্রহণ কৰিব বুলি উদ্যোক্তাসকলে আশা প্রকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক