শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন আৰম্ভ

যোৰহাট জিলাৰ ম’হবন্ধাৰ এৰালতলী পথাৰত চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি প্ৰথমদিনা পৰিৱেশ নিকাকৰণ আৰু গছপুলি ৰোপন কাৰ্যসূচীৰে অধিৱেশনৰ শুভাৰম্ভ কৰা হয়। যোৰহাটৰ বিধায়ক হিতেন্দ্র নাথ গোস্বামীয়ে আজি প্ৰতিনিধি শিবিৰৰ তোৰণ উন্মোচন কৰে। আজি নামঘৰৰ তোৰণ উন্মোচন, মূল সমিতিৰ কাৰ্যনিৰ্বাহক আৰু গ্ৰন্থমেলা মুকলি কৰা হয়। দিনৰ ভাগত মূল কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। পৰহিলৈ পুৱা সংঘৰ নৱনিৰ্বাচিত পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই পতাকা উত্তোলন কৰিব। এই পতাকা উত্তোলনস্থলীত কাছ আকৃতিৰ বেদী নিৰ্মাণ কৰা হৈছে। বেদীটোৰ চৌপাশত প্রতীকিভাৱে ৫৪ খন পতাকা উত্তোলন কৰা হ’ব। তদুপৰি ৯৪ সংখ্যক অধিৱেশনৰ সৈতে সংগতি ৰাখি ৯৪টা খোল আৰু ৯৪ যোৰ তাল লৈ গায়ন-বায়নসকলে মাংগলিক ধ্বনি কৰিব। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ভাগৱত শোভাযাত্ৰা আৰু ধৰ্মালোচনা সভাৰ লগতে সত্ৰীয়া সংস্কৃতিৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে।পৰহিলৈ হ’বলগীয়া মুকলি সভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ কথা। এই অধিৱেশনত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ ভকত-বৈষ্ণৱসকলেও অংশ লৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।