শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে। ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত আজি দলৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীনে অংশগ্ৰহণ কৰিছে । লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত উপস্থিত হোৱাৰ পাছত দলৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতিগৰাকীক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, দলৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াৰ লগতে কেইবাগৰাকীও মন্ত্রী তথা ভালেমান নেতা-কর্মীয়ে বিপুল আদৰণি জনায়। সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক নির্বাচন প্রবন্ধন সমিতিখন কালি গঠন কৰা হয়। সাংসদ প্ৰদান বৰুৱাক এই সমিতিৰ আহ্বায়কৰ দায়িত্ব অর্পণ কৰাৰ লগতে সাংসদ কামাখ্যা প্ৰসাদ তাচা, ৰাজদ্বীপ ৰয় আৰু অনুপ বৰ্মনক সহ-আহ্বায়কৰ দায়িত্ব অর্পণ কৰা হৈছে। এই সমিতিখন ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই ৩৫ জনীয়া এই নির্বাচন প্ৰৱন্ধন সমিতিখনত অনুমোদন জনায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।