বিশিষ্ট অভিনেতা প্রাঞ্জল শইকীয়াই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উপ-সভাপতিৰূপে আজি কাৰ্যভাৰ গ্ৰহণ কৰে। কাৰ্যভাৰ গ্ৰহণৰ পাছতেই শ্ৰী শইকীয়াই এখন বৈঠকত অংশ লৈ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত চলি থকা বিভিন্ন প্ৰকল্পৰ বুজ লৈ সন্তুষ্টি প্ৰকাশ কৰে। কলাক্ষেত্ৰ সচিব সুদৰ্শন ঠাকুৰে তেওঁক কলাক্ষেত্ৰ সমাজৰ হৈ আদৰণি জনায়। উল্লেখযোগ্য যে, যোৱা ১৫ অক্টোবৰত অনুষ্ঠিত কলাক্ষেত্ৰ সমাজৰ সাধাৰণ পৰিষদৰ বৈঠকত অভিনেতাগৰাকী উপ-সভাপতি হিচাপে মনোনীত কৰা হৈছিল ।
Site Admin | December 1, 2025 8:40 PM | kalakshetra pranjal
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উপ-সভাপতিৰূপে বিশিষ্ট অভিনেতা প্রাঞ্জল শইকীয়াৰ কাৰ্যভাৰ গ্ৰহণ