গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত আজিৰে পৰা ২১ আগষ্টলৈ পৰাক্ৰমী পূৰ্বোত্তৰ নাট মেলাৰ আয়োজন কৰা হৈছে। স্বাধীনতা সংগ্ৰামৰ উত্তৰ-পূৰ্বাঞ্চলৰ সংগ্ৰামীসকলৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ জনোৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত এই নাটমেলাৰ আয়োজন কৰা হৈছে। প্ৰতিদিনে বিয়লি ৫ আৰু সন্ধিয়া চাৰে সাত বজাত নাটসমূহ প্ৰদৰ্শন কৰা হ’ব। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মূল প্ৰৱেশদ্বাৰৰ পৰা ১৮ আগষ্ট পর্যন্ত নিতৌ দিনৰ ১১ বজাৰ পৰা বিয়লি ৪ বজালৈ প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিব পাৰিব। ১২ বছৰৰ অনুৰ্থ শিশুৰ প্ৰেক্ষাগৃহত প্ৰৱেশত বাধা থাকিব। এই নাটমেলাত আজি হিল্লোল কুমাৰ পাঠকৰ গোপীনাথ- যুগজয়ী স্বপ্নদ্রষ্টা নাট প্ৰদৰ্শন কৰা হৈছে। কাইলৈ গোভা ৰজা ছত্ৰচিং-অপ্ৰতিৰোধ্য দেওৰজা, ১৭ আগষ্টত মাংৰীমেম- সেউজী অগ্নিকন্যা, ১৮ আগষ্টত ব্রজনাথ- বিপ্লৱী অগ্নিবীৰ, ১৯ আগষ্টত জ্যোতিপ্রসাদ-সংগ্রামী জ্যোতিশিখা, ২০ আগষ্টত অম্বিকাগিৰী- অনিৰ্বাপিত একুৰা জুই আৰু ২১ আগষ্টত চন্দ্ৰপ্ৰভা-মুক্তিৰ এটি গান শীৰ্ষক নাট পৰিবেশন কৰা হ’ব।
Site Admin | August 15, 2025 7:58 PM | Drama festival
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ২১ আগষ্টলৈ পৰাক্ৰমী পূৰ্বোত্তৰ নাট মেলাৰ আয়োজন
