ডাউনলোড
মোবাইল এপ

android apple
signal

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত নৃগোষ্ঠীয় সাংস্কৃতিক সমন্বয় আৰু বিনিময় অভিযান কাৰ্যসূচী

অসম চৰকাৰৰ বিশেষ প্ৰকল্পৰ অধীনত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজে আজি অসমৰ নৃগোষ্ঠীয় সাংস্কৃতিক সমন্বয় আৰু বিনিময় অভিযান শীৰ্ষক কাৰ্যসূচীৰ দ্বিতীয় সংস্কৰণৰ আয়োজন কৰিছে। কুৰিটা জনগোষ্ঠীৰ লোকৰ অংশগ্রহণেৰে প্ৰথম পৰ্যায়ৰ কাৰ্যসূচী অন্ত পৰাৰ পাছত আজিৰে পৰা দ্বিতীয় আৱাসিক কর্মশালা কলাক্ষেত্ৰ চৌহদত অনুষ্ঠিত হৈছে। বিভিন্ন জনগোষ্ঠীৰ মাজত কৃষ্টি-সংস্কৃতিৰ পাৰস্পৰিক বিনিময়েৰে সমন্বয়ৰ মনোভাৱ সৃষ্টিৰ বাবে এই অভিলাষী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এইবাৰৰ কৰ্মশালাত বানাই, পাহাৰীয়া তিৱা, মণিপুৰী মেইতেই আৰু চাওতালী জনগোষ্ঠীৰ শিল্পীসকলে অংশ লৈছে। তদুপৰি এই কৰ্মশালাত সত্ৰীয়া নৃত্য, বৰগীত, ভোৰতাল, মাটি আখৰা আৰু যোগাসনৰ শিক্ষাও দিয়া হ’ব। ইয়াৰ লগতে জনগোষ্ঠীয় খাদ্যাভ্যাস, সাজপাৰ ইত্যাদিৰ বিষয়েও অংশগ্ৰহণকাৰীসকলে জ্ঞান অর্জন কৰিব পাৰিব। কৰ্মশালাৰ আটাইকেইটা দিনতে সন্ধিয়াৰ ভাগত বৌদ্ধিক আলোচনা অনুষ্ঠিত হ’ব। এই আলোচনাত বিশিষ্ট শিল্পী, বুদ্ধিজীৱি, চিন্তাবিদসকলে প্ৰশিক্ষাৰ্থীসকলৰ সৈতে মত-বিনিময় কৰিব। ৯ আগষ্টত বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰে এই সন্দৰ্ভত কয় যে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ঐক্যৰ মনোভাৱ সৃষ্টিৰে বৰ অসমৰ ধাৰণাটো শক্তিশালী ৰূপত উপস্থাপন কৰাৰ বাবে এই প্রকল্প ৰূপায়ণ কৰা হৈছে। সামগ্ৰিকভাৱে দ্বিতীয় পৰ্যায়ৰ এই কাৰ্যসূচীত ১৬টা জনগোষ্ঠীৰ পাঁচ শতাধিক যুৱ শিল্পীয়ে অংশগ্রহণ নিশ্চিত কৰিছে বুলি তেওঁ কয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।