শ্ৰীমদ্ভাগৱত গীতাৰ সাৰমৰ্মই কেৱল দেশৰ নাগৰিকসকলকে সামৰি লোৱা নাই বৰঞ্চ সমগ্ৰ পৃথিৱীতে মানৱীয়তাৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ সমৰ্থ হৈছেঃ ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে শ্ৰীমদ্ভাগৱত গীতাৰ সাৰমৰ্মই কেৱল দেশৰ নাগৰিকসকলকে সামৰি লোৱা নাই বৰঞ্চ সমগ্ৰ পৃথিৱীতে মানৱীয়তাৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ সমৰ্থ হৈছে। কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ত আয়োজিত আন্তঃৰাষ্ট্ৰীয় গীতা সন্মিলনত ভাষণ দি তেওঁ কয় যে শ্রীমদ্ভাগৱত গীতাৰ নীতি-আদৰ্শই ভাৰতৰ প্ৰতিটো প্ৰজন্মক প্ৰভাৱিত কৰি আহিছে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে ৫ হাজাৰ বছৰ পূৰ্বৰ এই মহান গ্ৰন্থখনৰ শিকনিসমূহে মানৱীয়তাৰ উত্তৰণ ঘটাবলৈ সমৰ্থ হৈছে। স্বামী জ্ঞানানন্দজী মহাৰাজ, হাৰিয়ানাৰ পৰিবহন মন্ত্রী অনিল ৱিজ, সামাজিক ন্যায় মন্ত্রী কৃষ্ণ বেদী, সাংসদ নবীন জিন্দাল আৰু বহুতো গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি এই সন্মিলনখনৰ উদ্বোধন কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।