ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

শ্ৰীভূমি জিলাৰ ৰামকৃষ্ণ নগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত হিতাধিকাৰীসকলক বীজ মূলধনৰ চেক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত শ্ৰীভূমি জিলাৰ ৰামকৃষ্ণ নগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত হিতাধিকাৰীসকলক বীজ মূলধনৰ চেক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই নিজৰ বক্তব্যত কয়, যে তৃণমূল স্তৰৰ মহিলা উদ্যমীসকলৰ সৱলীকৰণ আৰু ৰাজ্যৰ বিকাশৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা শক্তিশালী কৰাৰ বাবে ৰাজ্য চৰকাৰে এই অভিনৱ উদ্যোগ গ্ৰহণ কৰিছে। তেওঁ লগতে কয়, যে এই পৰিকল্পনাৰ জৰিয়তে ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ প্ৰায় ৩২ লাখতকৈও অধিক মহিলা উদ্যোগীয়ে আর্থিক সাহায্য লাভ কৰিছে। মুখ্যমন্ত্রীয়ে আশা প্রকাশ কৰে যে, এই মহিলাসকলে কৃষি, পশুপালন, হস্ততাঁত আৰু বস্ত্ৰশিল্প আদি বিভিন্ন ক্ষেত্ৰত উদ্যোগ স্থাপন কৰি গ্ৰামীণ অর্থনীতি শক্তিশালী কৰি তুলিব।May be an image of dais মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ৰামকৃষ্ণ নগৰ বিধানসভা সমষ্টিৰ মুঠ ১৮ হাজাৰ ৭৪৫ গৰাকী হিতাধিকাৰীক ১০ হাজাৰ টকাৰ চেক প্ৰদান কৰা হয়। অনুষ্ঠানৰ অন্তত মুখ্যমন্ত্ৰী ড০ শৰ্মাই জুবিন গাৰ্গৰ ন্যায় প্রক্রিয়া সম্পর্কে সংবাদ মাধ্যমক সম্বোধন কৰি যে, এই বিষয়টোত কোনো ধৰণৰ ৰাজনীতি কৰা উচিত নহয়।May be an image of one or more people, temple and crowd বিৰোধী দল বা আন কোনো সংগঠনৱে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত প্ৰতিবাদ কৰিলে চৰকাৰে প্ৰতিবাদকাৰীৰ দাবী বিবেচনা কৰিব বুলিও ড০ শৰ্মাই স্পষ্ট কৰি দিয়ে।