ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

January 22, 2025 7:43 PM | Supreme Court

printer

শ্ৰীকৃষ্ণ জন্মভূমি-শ্বাহী ঈদগাহ মছজিদ বিবাদ, অন্তৱৰ্তীকালীন নিষেধাজ্ঞা বাহাল উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশৰ মথুৰাৰ শ্ৰীকৃষ্ণ জন্মভূমি-শ্বাহী ঈদগাহ মছজিদ বিবাদ সন্দৰ্ভত এলাহাবাদ উচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া আয়ুক্তৰ মছজিদ পৰিদৰ্শনৰ ক্ষেত্ৰত থকা অন্তৱৰ্তীকালীন নিষেধাজ্ঞা বাহাল ৰাখিছে। ভাৰতৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু কে ভি বিশ্বনাথনক লৈ গঠিত খণ্ড আদালতে শ্বাহী ঈদগাহ মছজিদে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশটোৰ বিৰুদ্ধে জনোৱা আবেদন সন্দৰ্ভত আজি এই নির্দেশ দিয়ে। আবেদনখনত মছজিদ পক্ষৰ অধিবক্তাই আদালতৰ দ্বাৰা নিযুক্ত আয়ুক্তই মছজিদ পৰিদৰ্শনৰ ক্ষেত্ৰত মথুৰাৰ নিম্ন আদালতৰ ৰায়টো এলাহাবাদ উচ্চ ন্যায়ালয়ে কেনেকৈ নিজৰ ৰায় বুলিব পাৰে সেই বিষয়ে প্রশ্ন তুলিছিল। উচ্চতম ন্যায়ালয়ে আজি হিন্দু সম্প্রদায়ৰ ভক্তসকলক এই বিবদমান ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ বাবে এলাহাবাদ উচ্চ ন্যায়ালয়ে দিয়া অনুমতিৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰে। সৰ্বোচ্চ ন্যায়ালয়ে অৱশ্যে গোচৰটো সন্দৰ্ভত এলাহাবাদ উচ্চ ন্যায়ালয়ত চলি থকা বিচাৰ প্ৰক্ৰিয়া অব্যাহত থাকিব বুলি স্পষ্ট কৰে। উল্লেখযোগ্য যে উচ্চতম ন্যয়ালয়ে এই বিবদমান বিষয়টোত সংশ্লিষ্ট সকলো পক্ষকে তেওঁলোকৰ বক্তব্য লিখিত হিচাপে জনাবলৈ আৰু সকলো পক্ষৰ সুবিধা হোৱাকৈ এলাহাবাদ উচ্চ ন্যায়ালয়ক বিভিন্ন আবেদন একত্রে শুনানি ল’বলৈ ইয়াৰ আগতে নিৰ্দেশ দিছিল।