শ্ৰমিকৰ সুৰক্ষা আৰু স্বাস্থ্য- শীৰ্ষক বিষয়ৰে সমগ্ৰ বিশ্বতে আজি আন্তর্জাতিক শ্রমিক দিৱস পালন

শ্রমিক সকলে আগবঢ়াই অহা অৱদানৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি সমগ্ৰ বিশ্বতে আজি আন্তর্জাতিক শ্রমিক দিৱস পালন কৰা হৈছে। আজিৰ এই দিনটো মে’ দিৱস হিচাপেও পৰিচিত। অর্থনৈতিক আৰু সামাজিক অধিকাৰ লাভ কৰাৰ বাবে সমগ্ৰ বিশ্বৰ শ্রমিক সমাজে স্বীকাৰ কৰি অহা ত্যাগৰ প্রতি শ্রদ্ধা নিবেদনৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। উল্লেখ্য যে কামৰ সময় দৈনিক ৮ ঘণ্টা নিৰ্ধাৰণৰ দাবীত ১৮৮৬ চনৰ আজিৰ দিনটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগো চহৰত অনুষ্ঠিত এখন বিশাল শ্রমিক সমাবেশৰ স্মৃতিচাৰণেৰে বিশ্বজুৰি এই দিৱস পালন কৰা হয়। সমগ্ৰ বিশ্বৰ শ্রমিক শ্ৰেণীৰ কল্যাণৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি পালন কৰা এই শ্রমিক দিৱসৰ সৈতে সংগতি ৰাখি আজিৰ দিনটোত শ্রমিক সমাবেশ, আলোচনা চক্র, সভা-সমিতি আদিৰ আয়োজন কৰা হয়। উল্লেখযোগ্য যে এইবেলি আন্তঃৰাষ্ট্ৰীয় শ্রমিক দিৱসৰ বিষয়বস্তু হৈছে- ‘শ্ৰমিকসকলৰ সুৰক্ষা আৰু স্বাস্থ্য’। এই বিষয়বস্তুৰ জৰিয়তে শ্ৰমিকসকলৰ সুস্বাস্থ্য তথা নিৰাপত্তাৰ বিষয়টোৰ প্ৰতি গুৰুত্ব আৰোপ কৰিবলৈ বিচৰা হৈছে। দেশৰ ভিন্ন প্ৰান্তৰ লগতে ৰাজ্যতো আজি শ্রমিক দিৱস পালন কৰা হৈছে।
কামৰূপ জিলাত আজি বিভিন্ন শ্রমিক সংগঠনৰ উদ্যোগত মে’ দিৱস পালন কৰা হৈছে। উত্তৰ গুৱাহাটীত শ্রমিক সমন্বয় সমিতিৰ উদ্যোগত শ্রমিক দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। শ্রমিক দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সকলো শ্রমিকলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।