● শ্রীলংকাত ডিটৱা ঘূর্ণিবতাহে ক্ষতি কৰা লোকসকলৰ বাবে ভাৰতৰ পৰা ২৭ টন সাহাৰ্য্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ. জয়শংকৰে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে আকাশমাৰ্গ আৰু সামুদ্রিক পথেৰে এই সামগ্ৰীসমূহ কলম্বোলৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰ লগতে উদ্ধাৰকাৰ্যত সহায়ৰ বাবেও এন.ডি.আৰ.এফৰ ৮০ জন জোৱানক শ্রীলংকালৈ পঠিওৱা হৈছে।
উল্লেখযোগ্য যে ডিটৱা ঘূর্ণিবতাহত প্ৰভাৱিত লোকসকলৰ সাহায্যৰ বাবে আৰু উদ্ধাৰ অভিযান শক্তিশালী কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰে অপাৰেচন সাগৰ বন্ধু অভিযানৰ আৰম্ভ কৰিছে। এই অভিযানৰ অধীনতে কালি নিশা বায়ুসেনাৰ হিন্দন বিমান ঘাটিৰ পৰা এখন C-130 আৰু এখন IL-76 বিমান শ্ৰীলংকালৈ উৰা মাৰিছে বুলি বায়ু সেনা বাহিনীয়ে উল্লেখ কৰিছে৷