শ্রীভূমি জিলাৰ আয়ুক্তৰ ঘোষণা: ভোটদাতা তালিকা সম্পৰ্কীয় সকলো বিষয় নিষ্পত্তি ব্যৱস্থা কৰা হৈছে

শ্রীভূমি জিলাৰ আয়ুক্তই ১৯৫০ চনৰ জনসাধাৰণৰ প্ৰতিনিধিত্ব আইন, ১৯৬০ চনৰ ভোটদাতা পঞ্জীয়ন নিয়মাৱলী আৰু নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ভোটদাতা তালিকা সম্পৰ্কীয় সকলো বিষয় নিষ্পত্তি ব্যৱস্থা কৰা হৈছে বুলি স্পষ্ট কৰি দিছে। সত্যাসত্য নিৰূপণ আৰু সংশ্লিষ্ট প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাকৈ কোনো ভোটদাতাৰ নাম ভোটাৰ তালিকাৰ পৰা আঁতৰোৱা হোৱা নাই বা সালসলনিও কৰা হোৱা নাই । জিলা আয়ুক্তই লগতে দাবী আৰু ওজৰ-আপত্তিৰ সত্যাসত্য নিৰূপণ আৰু সেই সন্দৰ্ভত প্রতিবেদন দাখিল কৰাটো বুথ পৰ্যায়ৰ বিষয়াসকলৰ মূল দায়িত্ব আৰু বুথ পৰ্যায়ৰ বিষয়াসকলক বৰ্তমানৰ আইন আৰু নিয়ম অনুসৰি তথ্য পৰীক্ষাৰ বাবে নিৰ্দেশ দিয়া হৈছে। দাবী আৰু ওজৰ আপত্তিৰ তালিকা প্রতি সপ্তাহে ৰাজনৈতিক দলসমূহৰ সৈতে ভগাই লোৱা হৈছে বুলি উল্লেখ কৰি জিলা প্রশাসনে কয়, যে যাৱতীয় প্ৰক্ৰিয়া অনুযায়ীহে ভোটাৰ তালিকাৰ সংশোধন কৰিব পৰা যায় আৰু এইক্ষেত্ৰত ক্ষেত্র বিষয়াসকলে বিষয়টো পৰীক্ষা কৰাটো জৰুৰী। প্রশাসন জিলাখনত স্বচ্ছ, নিকা আৰু নিৰপেক্ষ নির্বাচন প্রক্রিয়া সুনিশ্চিত কৰাৰ বাবে প্রতিশ্রুতিবদ্ধ আৰু ভুৱা তথ্যৰ জৰিয়তে নির্বাচনী প্ৰক্ৰিয়া বিঘ্নিত কৰাৰ যিকোনো চেষ্টাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জিলা আয়ুক্তই প্ৰকাশ কৰিছে।