ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক আজি পুৱা মুখ্য ন্যায়িক দণ্ডাধীশৰ সন্মুখত হাজিৰ

জনতাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত যোৱানিশা এছ আই টিয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্ত শ্যামকানু মহন্ত আৰু শিল্পীজনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক আজি পুৱা মুখ্য ন্যায়িক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱা হয়। দণ্ডাধীশে দুয়োকে ১৪ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে আজি আদালত বন্ধ থকা হেতুকে অভিযুক্ত দুজনক মুখ্য ন্যায়িক দণ্ডাধীশৰ বাসভৱনত হাজিৰ কৰোৱা হয়।
জনপ্রিয় শিল্পীগৰাকীৰ ছিংগাপুৰত আচহুৱা পৰিস্থিতিত মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে অসম চৰকাৰে গঠন কৰা এছ আই টিয়ে চি আই ডিৰ কাৰ্যালয়ত ইতিমধ্যে এই ঘটনাৰ কেইবাগৰাকী প্ৰত্যক্ষদৰ্শীক জেৰা কৰিছে। ছিংগাপুৰলৈ শিল্পীগৰাকীৰ সৈতে যোৱা সহশিল্পী অমৃতপ্রভা মহন্ত, বাদ্যযন্ত্রী শেখৰজ্যোতি গোস্বামী, আৰক্ষী বিষয়া সন্দীপন গাৰ্গ আৰু ব্যৱসায়ী সঞ্জীৱ নাৰায়ণক শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে সোধা-পোছা কৰা হৈছে। এই বিষয়ত চৰজমিন তদন্ত কৰিবলৈ অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ এটা দল শীঘ্ৰেই ছিংগাপুৰলৈ যাব বুলি এছ আই টিক নেতৃত্ব দিয়া শীৰ্ষ আৰক্ষী বিষয়া মুন্না প্ৰসাদ গুপ্তাই জানিবলৈ দিছে।
ইপিনে শিল্পীগৰাকীৰ গৃহনগৰী যোৰহাটত আজি ৰাজহুৱা আদ্যশ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। যোৰহাট ষ্টেডিয়ামত আয়োজন কৰা এই অনুষ্ঠানত সৰ্বধৰ্ম প্ৰাৰ্থনা, গায়ন-বায়ন, দিহানাম ইত্যাদি পৰিৱেশনেৰে জনতাৰ শিল্পীগৰাকীলৈ শেষ শ্রদ্ধা জনোৱা হয়। অগণন গুণমুগ্ধই পৰিয়ালৰ উপস্থিতিত এই কাৰ্যসূচীত অংশগ্রহণ কৰে। গুণমুগ্ধৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ সময় নিশা ৮ বজালৈ বৃদ্ধি কৰিছে।