ডাউনলোড
মোবাইল এপ

android apple
signal

শ্যামকানু মহন্তৰ গুৱাহাটীৰ গীতানগৰস্থিত বাসভৱনত প্ৰাৰম্ভিক তদন্ত

● শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰা বিশেষ অনুসন্ধানকাৰী গোট- এছ আই টিৰ এটা দলে আজি নর্থ-ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ গুৱাহাটীৰ গীতানগৰত থকা বাসভৱনত প্ৰাৰম্ভিক তদন্ত চলায়। এছ আই টিৰ দলে আজি জুবিন গাৰ্গৰ সহযোগী শেখৰ গোস্বামীৰ বাসগৃহলৈও গৈ প্ৰাৰম্ভিক তথ্য আহৰণ কৰে। চি আই ডিয়ে আজি জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ গুৱাহাটীৰ ধীৰেণপাৰাত থকা বাসগৃহতো অভিযান চলায়। চি আই ডিৰ অভিযানৰ সময়তে মেনেজাৰ্জনৰ ঘৰৰ বাহিৰত উত্তেজিত জনতাক আৰক্ষীয়ে বহু কষ্ট কৰি নিয়ন্ত্ৰণ কৰে।

ইপিনে জুবিন গাৰ্গৰ সৈতে সংঘটিত দুর্ভাগ্যজনক ঘটনাৰ সৈতে জড়িত যিকোনো বিশ্বাসযোগ্য তথ্য কাৰোবাৰ হাতত থাকিলে সেইসমূহ পোনপটীয়াকৈ চি আই ডিলৈ প্ৰেৰণ কৰিবলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে। এনে তথ্য digp-cid@assampolice.gov.in লৈ মেইল যোগে প্ৰেৰণ কৰিব পাৰিব। মুখ্যমন্ত্ৰীয়ে সকলোকে এছ আই টিৰ সৈতে সহযোগ কৰিবলৈ আহ্বান জনায়।
মুখ্যমন্ত্ৰী শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত কোনো লোককে ৰেহাই দিয়া নহ’ব বুলিও উল্লেখ কৰে। তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সম্পন্ন হোৱা জুবিন গাৰ্গৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ সময়ত সংগ্ৰহ কৰা ভিছেৰা নতুন দিল্লীৰ কেন্দ্ৰীয় ফৰেণচিক গৱেষণাগাৰলৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ’ব বুলি প্ৰকাশ কৰে।
জুবিন গাৰ্গৰ আকস্মিক বিয়োগক সহজে মানি ল’ব নোৱৰা ৰাজ্যৰ জনসাধাৰণে বিভিন্ন ঠাইত তদন্ত বিচাৰি এজাহাৰ দাখিল কৰিছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই সন্দৰ্ভত কেইবাটাও গোচৰো ৰুজু হৈছে। ইয়াৰ লগতে ৰাজ্যজুৰি শিল্পীগৰাকীৰ শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীও অব্যাহত আছে। ইপিনে শিল্পীগৰাকীৰ সমাধিস্থলীত সুৰাপান কৰি উদ্ভণ্ডালি কৰাৰ অভিযোগত সোণাপুৰ আৰক্ষীয়ে ছজন যুৱক-যুৱতীক আটক কৰিছে। আৰক্ষী সূত্রই জনোৱা মতে তেওঁলোকে নিজকে জুবিন গাৰ্গৰ অনুৰাগী বুলি পৰিচয় দি সমাধিস্থলীৰ দেৱাল নিৰ্মাণ কৰি থকা শ্রমিকক কাম বন্ধ কৰিবলৈ হুমকি দিছিল। পাছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সুৰামত্ত যুৱক-যুৱতী ছজনক আটক কৰে৷