শ্বহীদ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি অসম আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰসকলক স্মৰণ কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্রীমোদীয়ে কয় যে দেশৰ ইতিহাসত অসম আন্দোলনৰ বিশেষ স্থান আছে। অসম আন্দোলনত অংশগ্রহণ কৰাসকলৰ সপোন পূৰ কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি তেওঁ দোহাৰে। তেওঁ কয় যে ৰাজ্যখনৰ সৰ্বাত্মক উন্নয়ণ তথা সংস্কৃতি শক্তিশালী কৰি তোলাত চৰকাৰে অগ্ৰাধিকাৰ দি আহিছে।
ড’নাৰ মন্ত্ৰী সিন্ধিয়াই সামাজিক মাধ্যমযোগে কয় যে ছহিদসকলে অসমৰ পৰিচয়, ভাষা আৰু সাংস্কৃতিক গৌৰৱ ৰক্ষা কৰাৰ বাবে দেখুৱাই থৈ যোৱা সাহসীকতা প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে সদায় অনুপ্ৰেৰণাৰ উৎস হৈ ৰব মন্ত্ৰীগৰাকীয়ে লগতে ছহিদসকলৰ ত্যাগে অসমৰ জনসাধাৰণক এখন সমৃদ্ধিশালী আৰু সাংস্কৃতিকভাৱে প্ৰাণবন্ত অসম গঢ়ি তোলাৰ দিশত আগুৱাই লৈ যাব বুলি আশা প্ৰকাশ কৰে।