শোণিতপুৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে জনসাধাৰণৰ বাবে উন্নত সেৱা প্ৰদানৰ বাবে দায়বদ্ধতা বৃদ্ধিৰ উদ্দেশ্যে জিলাখনৰ কেতবোৰ স্বাস্থ্য আৰু শিক্ষানুষ্ঠান পৰিদৰ্শন

শোণিতপুৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে আজি জনসাধাৰণৰ বাবে উন্নত সেৱা প্ৰদানৰ বাবে দায়বদ্ধতা বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে জিলাখনৰ কেতবোৰ স্বাস্থ্য আৰু শিক্ষানুষ্ঠান পৰিদৰ্শন কৰে। ঠেলামৰাৰ নাহৰবাৰী নতুন প্রাথমিক স্বাস্থ্য কেন্দ্ৰটো পৰিদৰ্শন কৰি তেওঁ স্বাস্থ্য প্রতিষ্ঠানটোৰ সামগ্ৰিক ব্যৱস্থা, সা-সুবিধা আৰু সেৱা প্ৰদানৰ মান সন্দৰ্ভত পর্যালোচনা কৰে। চিকিৎসালয়ৰ কৰ্মচাৰী আৰু ৰোগীসকলৰ সৈতে মত বিনিময় কৰি শ্ৰীদাসে স্বাস্থ্য কেন্দ্ৰটোৰ প্ৰয়োজনীয় সা-সুবিধা প্ৰদানৰ আশ্বাস দিয়ে। এই কাৰ্যসূচীৰ অধীনত পাঁচ মাইল উচ্চ মাধ্যমিক বিদ্যালয়, মকুৱা প্ৰাথমিক বিদ্যালয় আৰু বালিপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সামগ্রিক কার্যপদ্ধতি, ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি, মধ্যাহ্ন ভোজন, বিজ্ঞান পৰীক্ষাগাৰ, পুথিভঁৰাল, অনাময় ব্যৱস্থা ইত্যাদিসমূহৰ পৰিদৰ্শন কৰা হয়। জিলাখনৰ দুজন সহকাৰী আয়ুক্তই এই পৰিদৰ্শন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। পৰিদৰ্শনৰ পৰৱৰ্তী পৰ্যালোচনাই জিলাখনত কাৰ্যকৰী পৰ্যবেক্ষণ আৰু উন্নত সেৱা প্ৰদান সুনিশ্চিত কৰিব বুলি জিলা আয়ুক্তই আশা প্রকাশ কৰিছে।