ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত বৈঠক

অহা ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰিবলৈ আজি তেজপুৰত শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়। উল্লেখযোগ্য যে যোগ দিৱসৰ পূৰ্বে সাদিনীয়াকৈ এটা কাৰ্যসূচীও জিলাখনত গ্ৰহণ কৰা হ’ব। এই বৈঠকত ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ তথা আয়ুষৰ সঞ্চালকৰ লগতে কেইবাগৰাকীও শীর্ষ বিষয়া উপস্থিত থাকে। বৈঠকত প্ৰকাশ কৰা মৰ্মে ১৪ জুনৰ পৰা ২০ জুনলৈ জিলাখনত যোগ দিৱসৰ প্ৰস্তুতি কাৰ্যসূচী গ্ৰহণ কৰা হ’ব। জিলাখনৰ নিৰ্বাচিত কেইটামান স্থানত এই কাৰ্যসূচী লোৱা হ’ব বুলিও প্ৰকাশ কৰা হয়। আজিৰ বৈঠকত বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়া, যোগাভ্যাসকাৰী সংস্থাৰ প্ৰতিনিধি, স্বেচ্ছাসেৱী সংগঠনৰ সদস্য আৰু জিলা প্ৰশাসনৰ বিষয়াসকলে অংশগ্ৰহণ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।