February 7, 2025 9:11 PM | Akashvani | sonitpur

printer

শোণিতপুৰ জিলা আয়ুক্তৰ অধ্যক্ষতাত আজি জিলা উন্নয়ন সমিতিৰ মাহিলী বৈঠক অনুষ্ঠিত

শোণিতপুৰ জিলা আয়ুক্তৰ অধ্যক্ষতাত আজি জিলা উন্নয়ন সমিতিৰ মাহিলী বৈঠক অনুষ্ঠিত হয়। বৈঠকত স্বাস্থ্য, পানীযোগান, বিনিয়োগ, শিক্ষা আৰু বিভিন্ন আঁচনি ৰূপায়ণৰ অগ্ৰগতি সন্দৰ্ভত আলোচনা কৰা হয়৷ জিলাখনৰ গৰ্ভৱতী মহিলাসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ৰক্তহীনতা প্ৰতিৰোধ, প্ৰতিষ্ঠানিক প্ৰসৱ নিশ্চিতকৰণ আৰু সম্পূৰ্ণ প্ৰতিষেধক নিশ্চিতকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়৷ আজিৰ বৈঠকতে এডভান্টেজ আচামৰ লগত সংগতি ৰাখি অহা ১০ ফেব্ৰুৱাৰীত শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ যৌথ বিনিয়োগ কৰ্মশালা আয়োজনৰ বিষয়ত সবিশেষ আলোচনা কৰা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।