January 2, 2026 8:38 PM | cm mmua sipajhar

printer

শোণিতপুৰ-ছিপাঝাৰত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ১০ হাজাৰ টকাকৈ চেক বিতৰণ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মহিলা সৱলীকৰণৰ উল্লেখনীয় পদক্ষেপ হিচাপে আজি শোণিতপুৰ জিলাৰ বৰচলা বিধানসভা সমষ্টিৰ ৩০ হাজাৰ ৬৫৫ গৰাকী আত্মসহায়ক গোটৰ সদস্যাৰ মাজত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীগৰাকীয়ে ৩৫২ কোটি টকা ব্যয়সাপেক্ষ জিলাখনৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। তেওঁ ১১ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা সৰকাহাট মিনি ষ্টেডিয়াম উদ্বোধন কৰাৰ লগতে তেজপুৰ চিকিৎসা মহাবিদ্যালয় চৌহদত ছুপাৰ স্পেচিয়েলিটি হাস্পতাল আৰু শোণিতপুৰৰ নিজ-বিহগুৰিত কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা চৰকাৰী আদৰ্শ স্নাতক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে বৰচলাৰ ঠেলামৰা ঘাটগাঁৱৰ ৰাজহুৱা খেলপথাৰত আয়োজিত অনুষ্ঠানত বৰচলাৰ বিধায়ক গণেশ কুমাৰ লিম্বু উপস্থিত থাকে। ঠেলামৰাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে চিপাঝাৰৰ মহলীয়াপাৰাত আন এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰে। সমষ্টিটোৰ ৪৫ হাজাৰ ৬৬৫ গৰাকী মহিলাক ১০ হাজাৰ টকাৰ চেক প্ৰদান কৰা হয় ৷

ছিপাঝাৰৰ চেক বিতৰণৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ১০ ফেব্ৰুৱাৰীৰ পূৰ্বে প্ৰতিটো সমষ্টিতে মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ সম্পূৰ্ণ হ’ব ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।