মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি শোণিতপুৰ জিলাৰ জামুগুৰিহাটত নদুৱাৰ বিধানসভা সমষ্টিৰ বাবে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ কৰে। জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা ক্ষেত্ৰ পকামূৰা পথাৰত আয়োজিত জনসভাত সমষ্টিটোৰ ৩১ হাজাৰ ৪৫ গৰাকী আত্মসহায়ক গোটৰ সদস্যাক ১০ হাজাৰ টকাকৈ প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ কৰা হয়। এই উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয়, যে যোৱা ১ এপ্ৰিলত বিহালী সমষ্টিত শুভাৰম্ভ কৰা মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান ৰাজ্যৰ সকলোবোৰ সমষ্টিত ৰূপায়ণ কৰাৰ প্ৰক্ৰিয়া চলি আছে। ৰাজ্যৰ মহিলাসকলে কৰ্মপ্ৰেৰণাৰে কৰ্ম সংস্কৃতিৰ সৃষ্টি কৰিছে বুলি কৰি তেওঁ কয়, যে আত্মসহায়ক গোটসমূহ গঠন হোৱাৰ পাছত ৰাজ্যৰ মহিলাসকলে বিত্তীয় লেনদেনৰ ক্ষেত্ৰত অভিজ্ঞতা অৰ্জন কৰাৰ লগতে বিভিন্ন কাম-কাজত স্বাৱলম্বী হৈছে। এই আঁচনিখনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত মহিলাসকলক ক্ৰমে ২৫ আৰু ৫০ হাজাৰ টকা প্ৰদানৰ পৰিকল্পনা লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। এই আঁচনিখন সফলভাৱে ৰূপায়ণৰ বাবে তেওঁ এশটা সমষ্টি ভ্রমণ কৰি মহিলাসকলক একোগৰাকী উদ্যমী হিচাপে গঢ়ি তোলাৰ বাবে উৎসাহিত কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে। আজিৰ সভাত মন্ত্ৰী পীযূষ হাজৰিকা, বিধায়ক পদ্ম হাজৰিকাৰ উপৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানৰ পাছতে মুখ্যমন্ত্ৰীয়ে গহপুৰত প্ৰস্তাৱিত ছহিদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ স্থান পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে কেন্দ্রীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৮ নৱেম্বৰত বিশ্ববিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্ৰীয়ে এই সভাৰ প্ৰস্তুতিৰ বুজ লৈ যাৱতীয় নির্দেশনা দিয়ে।
Site Admin | November 3, 2025 9:51 PM | cm sonitpur mmmua
শোণিতপুৰৰ জামুগুৰিহাটত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত চেক বিতৰণ মুখ্যমন্ত্ৰীৰ