ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 27, 2025 12:19 PM | Sonitpur district

printer

শোণিতপুৰত বহনক্ষম উন্নয়নৰ দিশত যুৱক প্ৰজন্মৰ ভূমিকা শীর্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ

শোণিতপুৰ জিলাৰ দৰং মহাবিদ্যালয়ত বহনক্ষম উন্নয়নৰ দিশত যুৱক প্ৰজন্মৰ ভূমিকা শীর্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ কালি অনুষ্ঠিত হয়। বায়ু প্রদূষণ, প্লাষ্টিক আৱৰ্জনাৰ কু-প্ৰভাৱ, আৱৰ্জনা সমস্যাৰ ব্যৱস্থাপনা আদি সম্পর্কে সজাগতা সৃষ্টিৰে এই আলোচনা চক্র অনুষ্ঠিত হয়। দেশৰ বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ৪৪ গৰাকী ছাত্র-ছাত্রীয়ে এই আলোচনা চক্ৰত অংশগ্রহণ কৰে। আলোচনা চক্র উদ্বোধনী অনুষ্ঠানত পৃথ্বীৰাজ ৰাভাৰ লগতে কেইবাগৰাকী পৰিৱেশ সম্পৰ্কীয় বিজ্ঞানী আৰু পৰিৱেশ সচেতন ব্যক্তিয়ে অংশ লয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।