শৈক্ষিক আৰু গৱেষণামূলক সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যেৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

শৈক্ষিক আৰু গৱেষণামূলক সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যেৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আজি ন-হোজাইস্থিত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য, অধ্যাপক জিতেন হাজৰিকা আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য অধ্যাপক মানৱেন্দ্ৰ দত্ত চৌধুৰীৰ উপস্থতিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ পৰমানন্দ সোণোৱাল আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ হৈ ড০ প্ৰাঞ্জল মৰাঙে এই চুক্তি স্বাক্ষৰ কৰে। এই চুক্তিৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে দুয়োখন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে যৌথ গৱেষণা, অধ্যাপক-অধ্যাপিকাসকলৰ মাজত শিক্ষণৰ বিনিময় আৰু উদ্ভাৱনীমূলক শিক্ষণৰ সুযোগ আৰু সুবিধা প্ৰদান কৰা।