শেহতীয়া ছায়া যুদ্ধই এখন পূৰ্ণ পৰিকল্পিত যুদ্ধৰ ৰণনীতিৰ কথা প্ৰমাণ কৰিলেঃ প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে শেহতীয়া ছায়া যুদ্ধই এখন পূৰ্ণ পৰিকল্পিত যুদ্ধৰ ৰণনীতিৰ কথা প্ৰমাণ কৰিলে । গুজৰাটৰ গান্ধী নগৰৰ মহাত্মা মন্দিৰত আজি এখন জনসভাত শ্ৰী মোদীয়ে এই কথা উল্লেখ কৰি কয়, যে যোৱা ৬ মে’ৰ ঘটনাৰ পাছত ভাৰতক সন্ত্রাসবাদী কাৰ্যকলাপৰ প্ৰমাণ দিয়াৰ প্ৰয়োজন নাই। সীমান্তৰ ইপাৰৰ পৰাই তেওঁলোকে নিজেই ইয়াৰ প্ৰমাণ দিলে বুলি প্রধানমন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে। তেওঁ কয়, যে পাকিস্তানত মৃত সন্ত্রাসবাদী কেইজনৰ কফিনত ৰাষ্ট্ৰীয় পতাকাৰে মেৰিয়াই ছেলুট দি ৰাষ্ট্ৰীয় সন্মান সহকাৰে শেষকৃত্য সম্পন্ন কৰা হয়। এই কথাই স্পষ্টভাৱে প্ৰমাণ কৰে যে এয়া কেৱল সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ নহয়, বৰং ইয়াৰ সৈতে সামৰিক সহযোগিতা জড়িত হৈ আছে। শ্রী মোদীয়ে কয়, যে ভাৰতে কাৰো সৈতে শত্ৰুতা কৰিব নিবিচাৰে। তেওঁ কয়, যে দেশে বিশ্বৰ কল্যাণত অৰিহণা যোগাব পৰাকৈ প্ৰগতি কামনা কৰে আৰু চৰকাৰে লাখ লাখ ভাৰতীয়ৰ জীৱন উন্নত কৰাৰ বাবে সমর্পিত মনোভাৱেৰে কাম কৰি আছে। পূৰ্বৰ কিছু ভুল নীতিত আলোকপাত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে যুৱ প্ৰজন্মক ৰাষ্ট্ৰীয় স্বাৰ্থ ক্ষতি কৰা ঐতিহাসিক সিদ্ধান্তসমূহৰ বিষয়ে অধ্যয়ন কৰিবলৈ আহ্বান জনায়। প্রধানমন্ত্রী মোদীয়ে কয়, যে দেশৰ স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ হোৱাৰ সময়ত উন্নত ভাৰতৰ দৰ্শন প্রাপ্তিৰ ক্ষেত্ৰত কোনো আপোচ কৰা নহ’ব আৰু প্ৰতিগৰাকী ভাৰতীয়ই এই সপোন অনুধাৱন কৰি নিজৰ দায়িত্ব পালন কৰিব লাগিব। ইয়াৰ পূৰ্বে শ্ৰী মোদীয়ে আজি গান্ধী নগৰত ৫ হাজাৰ ৫৩৬ কোটি টকা ব্যয়সাপেক্ষে ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে।