November 30, 2025 6:46 PM | Mann Ki Baat

printer

শেহতীয়া ঘটনাৱলীয়ে ভাৰতৰ নতুন চিন্তা উদ্ভাৱন আৰু যুৱ শক্তিক উদ্ভাসিত কৰি তুলিছে বুলি মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মত প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে শেহতীয়া ঘটনাৱলীয়ে ভাৰতৰ নতুন চিন্তা উদ্ভাৱন আৰু যুৱ শক্তিক উদ্ভাষিত কৰি তুলিছে। এই সন্দৰ্ভত হায়দাবাদত নতুনকৈ উন্মোচন কৰা বিশ্বৰ সৰ্ববৃহৎ লিপ ইঞ্জিন এম আৰ অ’ৰ ব্যৱস্থা ভাৰতীয় নৌসেনাত আই এন এছ মাহেৰ অন্তৰ্ভুক্তি আৰু দেশত স্কাইৰুৰ্টৰ ইনফিনিটি চৌহদ মুকলি কৰাৰ দৰে বিষয়সমূহৰ উদাহৰণ দাঙি ধৰে। আকাশবাণীৰ আজিৰ মন কী বাত অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্রীমোদীয়ে কয়, যে কৃষিখণ্ডত লাভ কৰা গুৰুত্বপূৰ্ণ সাফল্যৰ জৰিয়তে ভাৰতে অভিলেখৰ সৃষ্টি কৰিছে। খাদ্য শস্যৰ উৎপাদনৰ পৰিমাণ ৩৫ কোটি ৭০ লাখ টনলৈ বৃদ্ধি পোৱাৰ ফলত ইতিহাসৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰি তেওঁ পূৰ্বৰ ১০ বছৰৰ তুলনাত ভাৰতৰ খাদ্য শস্যৰ উৎপাদন ১০ কোটি টন বৃদ্ধি পোৱাৰ তথ্য দাঙি ধৰে।
মাত্ৰ কেইদিনমানৰ পূৰ্বে ভাৰতে কমনৱেল্থ ক্রীড়া সমাৰোহৰ আয়োজক দেশ হিচাপে স্বীকৃতি লাভ কৰাৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয় যে ক্রীড়া ক্ষেত্ৰতো দেশখনে উল্লেখনীয় অগ্রগতি লাভ কৰিছে। এই সাফল্য দেশ তথা ইয়াৰ জনসাধাৰণৰ বুলি তেওঁ মত প্ৰকাশ কৰে। চেণ্ট্ৰেল হ’লত আয়োজিত সংবিধান দিৱসৰ বিশেষ অনুষ্ঠান, বন্দে মাতৰমৰ ডেৰশ সংখ্যক বাৰ্ষিকী অয়োধ্যাৰ ৰাম মন্দিৰত ধৰ্মধবজাৰ উত্তোলন আদিৰ দৰে ঘটনাক্ৰমৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চলিত মাহটোত ভালেমান উৎসাহজনক কার্যক্রম সংঘটিত হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।