শেহতীয়াকৈ ভট্টদেৱ বিশ্ববিদ্যালয়লৈ উন্নীত হোৱা বজালী মহাবিদ্যালয়ৰ ৭১ সংখ্যক প্ৰতিষ্ঠা দিৱস বর্ণাঢ্য কাৰ্যসূচীৰে উদ্‌যাপন

শেহতীয়াকৈ ভট্টদেৱ বিশ্ববিদ্যালয়লৈ উন্নীত হোৱা বজালী মহাবিদ্যালয়ৰ ৭১ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি বর্ণাঢ্য কাৰ্যসূচীৰে উদ্‌যাপন কৰা হয়। অনুষ্ঠানত কাৰ্যসূচী অনুসৰি পুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য, অধ্যাপক ধনপতি ডেকাই পতাকা উত্তোলন কৰে। ইয়াৰ পিছত প্ৰতিষ্ঠাপক অধ্যক্ষ কামেশ্বৰ দাসৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজলন কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য, অধ্যাপক ননীগোপাল মহন্তই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে অসম লোকসেৱা আয়োগৰ প্ৰথমগৰাকী অসমীয়া অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ, ৰাজনীতিবিদ তথা গণিতজ্ঞ কামেশ্বৰ দাসৰ নেতৃত্বত ১৯৫৫ চনৰ ১৬ আগষ্টত বজালী মহাবিদ্যালয় প্রতিষ্ঠা কৰা হৈছিল। ৰাজ্য চৰকাৰে ২০১৭ চনত এই মহাবিদ্যালয়খনক ভট্টদেৱ বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ বাবে পদক্ষেপ হাতত লয়।