ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 22, 2025 7:58 PM | Sushrusha Setu

printer

শুশ্ৰুষা সেতু শীৰ্ষক স্বাস্থ্য শিবিৰ কাৰ্যসূচীৰ অধীনত বিভিন্ন জিলাত শিবিৰ মুকলি

অসম চৰকাৰে ৰাজ্যৰ ২২৬ টা সমষ্টিক সামৰি ৰূপায়ণ কৰা শুশ্ৰুষা সেতু শীৰ্ষক বৃহৎ স্বাস্থ্য শিবিৰ কাৰ্যসূচীৰ অধীনত আজিও বিভিন্ন জিলাত শিবিৰ মুকলি কৰা হয়। ৰাজ্যসভাৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলীয়ে আজি তিনিচুকীয়া জিলাৰ নৱ জাগৃতি উচ্চ ইংৰাজী বিদ্যালয়ত এই স্বাস্থ্য শিবিৰ মুকলি কৰে। এই শিবিৰত শিশুৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীৰ ৫০ টাতকৈ অধিক ৰোগৰ পৰীক্ষা কৰা হয়। পৰীক্ষাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি শিশুসকলক উন্নত চিকিৎসাৰ বাবে সমীপৱৰ্তী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হ’ব। আজিৰ শিবিৰত দুহেজাৰ ছশৰো অধিক শিশুৱে অংশগ্ৰহণ কৰে। ইয়াৰে ৩০০ গৰাকী ৰোগীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়, গুৱাহাটী আৰু তিনিচুকীয়াৰ চিকিৎ‍সালয়লৈ প্ৰেৰণ কৰা হয়। শিবিৰত শিশু ৰোগ, হৃদৰোগ, প্ৰস্তুতি আৰু স্ত্ৰীৰোগকে ধৰি ২০ গৰাকী বিশেষজ্ঞ চিকিৎসকে চিকিৎসা আগবঢ়ায়।
বিধায়ক জলেন দৈমাৰীয়ে তামুলপুৰ জিলাত সমষ্টিভিত্তিক বৃহৎ স্বাস্থ্য শিবিৰৰ উদ্বোধন কৰে। এই শিবিৰত বিশেষ ৰোগ ধৰা পৰা ১৮ বছৰৰ তলৰ শিশু, কিশোৰ কিশোৰীক চৰকাৰী খৰছত চিকিৎসাৰ ব্যৱস্থা কৰা হৈছিল।
ইপিনে, ধেমাজি বিধানসভা সমষ্টিত অহা ২৪ অক্টোবৰত শুশ্ৰুষা সেতু কাৰ্যসূচীৰ অধীনত বৃহৎ স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হৈছে। ধেমাজি জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ জগত মোহনে এই সন্দৰ্ভত অনুষ্ঠিত এখন সংবাদমেলৰ জৰিয়তে স্বাস্থ্য শিবিৰৰ প্ৰস্তুতি সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায়। বাটঘৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হ’বলগীয়া এই স্বাস্থ্য শিবিৰত ১৮ বছৰ বয়সৰ তলৰ কিশোৰ-কিশোৰীক বিশেষ গুৰুত্ব প্ৰদান কৰাৰ লগতে বিশেষজ্ঞ চিকিৎসকে প্রয়োজনীয় পৰামৰ্শ আগবঢ়াব বুলি তেওঁ প্ৰকাশ কৰে।