শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহ আজিৰে পৰা অহা ৬ জানুৱাৰীলৈ বন্ধ ৰখাৰ বাবে শিক্ষা বিভাগে নিৰ্দেশ জাৰি কৰিছে। জিলাখনৰ বিদ্যালয়খনৰ পৰিদৰ্শক আৰু সমগ্ৰ শিক্ষা অসমৰ জিলা সমন্বয়কে এই নিৰ্দেশ জাৰি কৰিছে। জিলাখনৰ আয়ুক্তৰ সৈতে আলোচনা কৰি গ্ৰহণ কৰা এই সিদ্ধান্ত অনুসৰি সকলো বিদ্যালয় বন্ধ ৰখা হ’ব। আনহাতে, ব্যক্তিগত বিদ্যালয়সমূহকো ছাত্ৰ-ছাত্ৰীৰ সুবিধা হোৱাকৈ এই নিৰ্দেশ বিবেচনা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। একেদৰে শ্ৰীভূমি জিলাতো বিদ্যালয়ৰ পাঠদানৰ সময় সালসলনি কৰা হৈছে। সেই অনুসৰি পুৱা ১০ বজাৰ পৰা বিয়লি আঢ়ৈ বজালৈ জিলাখনৰ বিদ্যালয়সমূহৰ পাঠদান কৰাৰ পৰামৰ্শ দিয়া হৈছে। উল্লেখযোগ্য যে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে শীতৰ প্ৰকোপ অব্যাহত থাকিলে বিদ্যালয়সমূহ বন্ধ ঘোষণাৰ কথা বিবেচনা কৰা হ’ব বুলি কালি সাংবাদিকৰ আগত প্ৰকাশ কৰিছিল।
উল্লেখযোগ্য যে বিগত তিনি-চাৰিদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰ শীতৰ কৱলত পৰিছে। বৰঝাৰৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰই জনোৱা মতে গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ সৰ্বনিম্ন তাপমাত্ৰাৰ বিশেষ সাল-সলনি ঘটা নাই যদিও সর্বোচ্চ তাপমাত্রা দুদিনৰ ভিতৰত কমেও ৬ ডিগ্রী হ্ৰাস পাইছে।
গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত কেইবাখনো বিমানৰ উৰণ আৰু অৱতৰণ কেইবা ঘণ্টাও বিলম্ব হয়। শীত প্রবাহ আৰু ঘন কুঁৱলীৰ বাবে দেশৰ বিমান পৰিবহণ সংস্থাসমূহে শতাধিক ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় বিমানৰ সেৱা বাতিল কৰে ।