শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহ কাইলৈৰ পৰা অহা ৬ জানুৱাৰীলৈ বন্ধ ৰখাৰ বাবে শিক্ষা বিভাগে নিৰ্দেশ জাৰি কৰিছে। জিলাখনৰ বিদ্যালয়খনৰ পৰিদৰ্শক আৰু সমগ্ৰ শিক্ষা অসমৰ জিলা সমন্বয়কে এই নির্দেশ জাৰি কৰিছে। জিলাখনৰ আয়ুক্তৰ সৈতে আলোচনা কৰি গ্ৰহণ কৰা এই সিদ্ধান্ত অনুসৰি সকলো বিদ্যালয় বন্ধ ৰখা হ’ব। আনহাতে, ব্যক্তিগত বিদ্যালয়সমূহকো ছাত্ৰ-ছাত্ৰীৰ সুবিধা হোৱাকৈ এই নিৰ্দেশ বিবেচনা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। উল্লেখযোগ্য যে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে শীতৰ প্ৰকোপ অব্যাহত থাকিলে বিদ্যালয়সমূহ বন্ধ ঘোষণাৰ কথা বিবেচনা কৰা হ’ব বুলি আজি সাংবাদিকৰ আগত প্ৰকাশ কৰিছিল।
উল্লেখযোগ্য যে বিগত তিনি-চাৰিদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰ শীতৰ কৱলত পৰিছে। আজিও গোটেই দিনটো ঘন কুঁৱলীয়ে মহানগৰৰ চৌপাশ আৱৰি ৰখাৰ ফলত দৃশ্যমানতা হ্ৰাস পায়। বৰঝাৰৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰই জনোৱা মতে গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ সৰ্বনিম্ন তাপমাত্ৰাৰ বিশেষ সাল-সলনি ঘটা নাই যদিও সর্বোচ্চ তাপমাত্রা দুদিনৰ ভিতৰত কমেও ৬ ডিগ্ৰী হ্ৰাস পাইছে। আজিও গুৱাহাটীৰ সর্বোচ্চ তাপমাত্রা ১৮ ডিগ্রী ছেলচিয়াছৰ আশে-পাশে থাকে আৰু সর্বনিম্ন তাপমাত্রা প্রায় ১৫ ডিগ্রী ছেলছিয়াছলৈ হ্রাস পায়। ৰাজ্যৰ ভিতৰত সর্বোচ্চ তাপমাত্রা ধুবুৰীত সর্বাধিক হ্রাস পাইছে। কালি জিলাখনত ১৬.৯ ডিগ্রী ছেলছিয়াচ সর্বোচ্চ তাপমাত্ৰা ৰেকৰ্ড কৰা হয়।
গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তজার্তিক বিমান বন্দৰত কালি কেইবাখনো বিমানৰ উৰণ আৰু অৱতৰণ কেইবা ঘণ্টাও বিলম্ব হয়। শীত প্রবাহ আৰু ঘন কুঁৱলীৰ বাবে বিগত ২৪ ঘণ্টাত দেশৰ বিমান পৰিবহণ সংস্থাসমূহে কমেও ১২৮ খন ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় বিমানৰ সেৱা বাতিল কৰে। ভালেসংখ্যক বিমান বন্দৰত ইয়েল এলার্ট জাৰি কৰা হৈছে। তদুপৰি ৰাজধানী চহৰ দিল্লীৰ পৰা ভিন্ন প্ৰান্তলৈ উৰা মাৰিবলগীয়া ২০০ খন বিমানৰ উৰণৰ সময়সূচী পিছুৱাই দিয়া হয়। পৰৱৰ্তী কেইটামান দিনতো অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত কুঁৱলীৰ আচ্ছাদন একেদৰে থাকিব বুলি বতৰ বিজ্ঞান বিভাগে প্রকাশ কৰিছে। অসমত অহা ২ জানুৱাৰীলৈ আকাশ ঘন কুঁৱলীয়ে ঢাকি ৰাখিব বুলি কোৱা হৈছে। মেঘালয়, মণিপুৰ, মিজোৰাম আৰু নাগালেণ্ডতো ২ জানুৱাৰী পর্যন্ত ঘন কুঁৱলী থাকিব বুলি কোৱা হৈছে।