ডাউনলোড
মোবাইল এপ

android apple
signal

June 27, 2025 12:39 PM | Assam Govt

printer

শীঘ্ৰেই অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ ৫,৫৫০ টা নিয়মীয়া শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন

অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে ৫ হাজাৰ ৫৫০টা নিয়মীয়া শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া শীঘ্ৰেই সম্পন্ন কৰিব বুলি প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত ৩ হাজাৰ ৮০০টা নিম্ন প্ৰাথমিকৰ আৰু এহেজাৰ ৭৫০টা উচ্চ প্ৰাথমিকৰ পদ বুলি সঞ্চালকালয়ে জানিবলৈ দিছে। উল্লেখযোগ্য যে, এই পদসমূহ পূৰণৰ বাবে প্রাথমিক শিক্ষা সঞ্চালকালয়ে ২০২৩ চনৰ ২৬ ডিচেম্বৰতে বিজ্ঞাপন প্ৰকাশ কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত ন্যায়ালয়ৰ বাধাৰ বাবে এই পদসমূহ পূৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাছিল। বৰ্তমান ন্যায়ালয়ৰ বাধা আঁতৰাৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা প্ৰাৰ্থীসকলৰ দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণ আৰম্ভ হ’ব। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে অহা ৩০ জুনলৈ এই নথি পৰীক্ষণ প্ৰক্ৰিয়াত উপস্থিত থাকিবলগীয়া প্ৰাৰ্থীসকলৰ তালিকা প্রকাশ কৰিছে। নথি পৰীক্ষণ প্ৰক্ৰিয়াত প্ৰাৰ্থীসকলৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰসমূহ পৰীক্ষা কৰা হ’ব বুলি প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে জানিবলৈ দিয়ে। নেচনেল ইনষ্টিটিউট অব্ অপেন স্কুলিঙৰ অধীনত ডি ই এল এড লাভ কৰা সকলেও সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱাৰ সুবিধা লাভ কৰিব।