শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰৰ ১৪৭ নম্বৰ তৈল খাদত গেছ নির্গমন ৰোধৰ বাবে গেছৰ চাপ হ্ৰাস কৰি ৰিগটোৰ গেছ অন্য কুপলৈ নিয়াৰ প্ৰচেষ্টা আৰম্ভ

শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰৰ ১৪৭ নম্বৰ তৈল খাদত গেছ নির্গমন ৰোধৰ বাবে গেছৰ চাপ হ্ৰাস কৰি ৰিগটোৰ গেছ অন্য কুপলৈ নিয়াৰ প্ৰচেষ্টা আৰম্ভ হৈছে। উল্লেখযোগ্য যে যোৱা ২২ জুনৰ পৰা ধাৰাবাহিকভাৱে এই অঞ্চলটোত গেছ নির্গমন হৈ আছে। ইয়াৰ মাজতে আজি পুৱা ২০৪ নম্বৰ খাৰুৱা তেল খাদত গেছৰ অত্যধিক চাপৰ বাবে এটা মৃদু বিস্ফোৰণ সংঘটিত হয়। স্থানীয় লোকে এই সন্দৰ্ভত কৰ্তৃপক্ষক খবৰ দিয়াৰ পাছত অ’ এন জি চি কৰ্তৃপক্ষই পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। বিধায়ক অখিল গগৈয়ে গেছ নির্গমন ৰোধ কৰিব নোৱাৰাৰ বাবে অ’ এন জি চি কৰ্তৃপক্ষক সমালোচনা কৰে। তেওঁ ৩ দিনৰ ভিতৰত বহিঃৰাজ্যৰ পৰা বিশেষজ্ঞ আনি গেছ নিগমন বন্ধ কৰিবৰ বাবে কৰ্তৃপক্ষক আহ্বান জনায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।