ডাউনলোড
মোবাইল এপ

android apple
signal

শিৱসাগৰ জিলাৰ ১২ খন জিলা পৰিষদৰ ৬ খন আসনত বিজেপিৰ জয়লাভ

শিৱসাগৰ জিলাৰ ৩টা বিধানসভা সমষ্টিৰ ১২ খন জিলা পৰিষদৰ ৬ খন আসনত বিজেপিয়ে জয়লাভ কৰিছে। বাকী ৬ খন আসনৰ ৫ খনত দলটোৱে অগ্ৰগতি লাভ কৰিছে। খেলুৱা জিলা পৰিষদত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী আগবাঢ়ি আছে। শিৱসাগৰ বিধানসভা সমষ্টিৰ ২৭ খন আঞ্চলিক পঞ্চায়তৰ ঘোষিত ফলাফলতো বিজেপি আগুৱাই আছে। দলটোৱে ২৩ খন আসনত জয়লাভ কৰাৰ বিপৰীতে অগপই ৩ খন আৰু কংগ্ৰেছে এখন আসনত জয়লাভ কৰিছে। নাজিৰা বিধানসভা সমষ্টিত বিজেপিয়ে ১৯ খন আঞ্চলিক পঞ্চায়তত জয়লাভ কৰিছে। সমষ্টিটোত অগপই এখন আৰু কংগ্ৰেছে এখন আসনত জয়লাভ কৰিছে। শিৱসাগৰ জিলাৰ ডিমৌ বিধানসভা সমষ্টিত ২৮ খন আঞ্চলিক পঞ্চায়তৰ ঘোষিত ফলাফলত বিজেপিয়ে ১৯ খন আৰু ৰাইজৰ দলে এখন আসন লাভ কৰিছে।
চৰাইদেউ জিলাত ৮ খন জিলা পৰিষদৰ আটাইকেইখনতে বিজেপি জয়ী হৈছে। আঞ্চলিক পঞ্চায়তৰ ৩৬ খন আসনত বিজেপিয়ে ৩২ খন আৰু অগপই ৪ খন আসনত জয়লাভ কৰিছে। একেদৰে অন্যান্য জিলাসমূহতো পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা চলি আছে।

অধিক পঢ়ক

সকলো চাওক