শিৱসাগৰৰ ৰূপহীমুখত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দূৰ্ঘটনাত দুজন লোক নিহত

শিৱসাগৰ জিলাৰ ৰূপহীমুখত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এটা পথ দূৰ্ঘটনাত আজি দুজন লোক নিহত হোৱাৰ লগতে এটি শিশুসহ আন এজন গুৰুতৰভাৱে আহত হয়। আজি পুৱা ঘন কুঁৱলীৰ মাজেৰে শিৱসাগৰৰ পৰা যোৰহাট অভিমুখে গৈ থকা এখন ডাম্পাৰত বিপৰীত দিশৰ পৰা আহি থকা এখন বাহনে খুন্দা মৰাৰ ফলতে এই দূর্ঘটনা সংঘটিত হয়। দূৰ্ঘটনাত শিৱসাগৰৰ বেতবাৰী তিনিআলিৰ মৌ বন নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ স্বত্তাধিকাৰী বিপুল হাতীমূৰীয়া নিহত হয়। গুৰুতৰভাৱে আহত বিপুল হাতীমূৰীয়াৰ পত্নী নমিতা শ‍ইকীয়াক চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ নিয়াৰ অৱস্থাত যাত্রা পথতে মৃত্যু হয়। দূৰ্ঘটনাটোৰ পৰা তেওঁলোকৰ দুবছৰীয়া সন্তান আৰু চালকজনৰ কথমপি প্ৰাণ ৰক্ষা পৰে।