ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 15, 2025 1:07 PM | ongc sivsagar

printer

শিৱসাগৰৰ ৰুদ্রসাগৰ তৈলক্ষেত্ৰৰ অধীনস্থ ১৪৭ নম্বৰ ৰীগত হোৱা গেছৰ নির্গমন ৰোধৰ বাবে প্ৰচেষ্টা অব্যাহত আছে

তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ শিৱসাগৰ জিলাৰ ৰুদ্রসাগৰ তৈলক্ষেত্ৰৰ অধীনস্থ ১৪৭ নম্বৰ ৰীগত হোৱা গেছৰ নির্গমন ৰোধ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত আছে। ৰীগটোৰ পৰা অবিৰতভাৱে হৈ থকা নিৰ্গমন সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পৰা হোৱা নাই যদিও বিশেষজ্ঞৰ দ্বাৰা প্ৰচেষ্টা চলাই থকা হৈছে বুলি নিগমে প্ৰেছ বিবৃতিযোগে প্রকাশ কৰিছে। উল্লেখযোগ্য যে যোৱা বৃহস্পতিবাৰে দুপৰীয়া তেল কূপটোত গেছৰ নির্গমন আৰম্ভ হয়। প্রচণ্ড শব্দৰে নিৰ্গত হোৱা এই গেছৰ ফলত জনস্বাস্থ্যৰ প্ৰতি সৃষ্টি হোৱা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্রশাসনে সমীপৰ ৭০ টা পৰিয়ালক সেই অঞ্চলৰ পৰা স্থানান্তৰ কৰে। পৰহি ৰীগটোৰ দায়িত্ব বিশেষ সংকট নিয়ন্ত্রণ দলক অৰ্পণ কৰা হৈছিল আৰু সম্প্ৰতি জাংক শ্বট অপাৰেচন নামৰ বিশেষ ব্যৱস্থাৰে গেছ নির্গমন ৰোধৰ কাম কৰি থকা হৈছে। শিৱসাগৰ জিলা প্রশাসন, অগ্নি নির্বাপন, জৰুৰীকালীন সেৱা আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগেও এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে। জিলাখনত জনস্বাস্থ্য কাৰিকৰী বিভাগে সমীপৱৰ্তী এলেকাত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, স্বাস্থ্য শিবিৰ মুকলি, পশু ধনৰ সুৰক্ষা তথা সুস্বাস্থ্য নিশ্চিত কৰাৰ লগতে ২৪ ঘণ্টাই দণ্ডাধীশ পৰ্যায়ত পৰিস্থিতি তদাৰক কৰি থকা হৈছে।