ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

শিৱসাগৰৰ হাফলুটিং বৰনামঘৰত দুদিনীয়া কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ ৰাসক্রীড়া মহোৎসৱৰ আয়োজন

শিৱসাগৰ জিলাৰ হাফলুটিং বৰনামঘৰ আৰু কলা-কৃষ্টি কেন্দ্ৰ পৰিচালনা সমিতিৰ উদ্যোগত অহা ১৪ নৱেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ ৰাসক্রীড়া মহোৎসৱৰ আয়োজন কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য সৃষ্টি ভাওনাৰ মাধ্যমেৰে আৰম্ভ হ’বলগীয়া ৭০ সংখ্যক মহোৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি বৰনামঘৰৰ নৱনিৰ্মিত কীৰ্তন গৃহৰ আনুষ্ঠানিকভাৱে মুকলি কৰিব বুলি উদ্যোক্তাসকলে জনাইছে। ৰাসক্রীড়া মহোৎসৱৰ পাছত ১৬ নৱেম্বৰৰ পৰা ২৩ নৱেম্বৰলৈ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ইয়াৰ লগতে জিলাখনৰ দিখৌমুখ মিলিত শিল্পী সমাজেও এইবাৰ আঞ্চলিক ভিত্তিত ৰাসৰ আয়োজন কৰিছে।