ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

শিৱসাগৰৰ ভটিয়াপাৰত থকা অ’ এন জি চিৰ ১৪৭ নম্বৰ ৰীগৰ গেছ নিগমনৰ চাপ ৫০ শতাংশলৈ হ্ৰাস

শিৱসাগৰৰ ভটিয়াপাৰত থকা অ’ এন জি চিৰ ১৪৭ নম্বৰ ৰীগৰ গেছ নিগমনৰ চাপ ৫০ শতাংশলৈ হ্ৰাস হৈছে। আজি বিয়লি ঘটনাস্থলী পৰিদৰ্শন কৰা মন্ত্ৰী যোগেন মহনে এই বিষয়ে আমাৰ সংবাদদাতাক অৱগত কৰে। আজি মন্ত্ৰীগৰাকীৰ লগতে বিজেপিৰ এটা সজাতি দলে অঞ্চলটো পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে। ইয়াৰ পূৰ্বে বিগত ১২ দিনে অ’ এন জি চিয়ে সকলো সুৰক্ষা প্ৰট’কল অনুসৰণ কৰি গেছ নিগমন ৰোধ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি অ’ এন জি চিৰ অসম সম্পদৰ সাধাৰণ প্ৰবন্ধক কে এন ছাংৱানে সংবাদ মাধ্যমক সদৰি কৰিছিল। আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞৰ সহযোগত পৰিস্থিতি নিয়ন্ত্ৰণৰ প্ৰয়াস চলাই থকা হৈছে বুলি শ্ৰীছাংৱানে জানিবলৈ দিয়ে। বিশেষজ্ঞৰ দলটোৱে ইতিমধ্যে ১০ ট্ৰেইলাৰভৰ্তি ৰীগৰ সামগ্ৰী সফলতাৰে স্থানান্তৰ কৰিছে। গেছ নির্গমন বন্ধ হোৱা নাই যদিও অঞ্চলটোৰ ৰাইজক সম্প্ৰতি ঘৰুৱা চৌকাত ৰন্ধন কাৰ্যৰ বাবে জুই জ্বলাবলৈ সেউজ সংকেত দিয়া হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।