ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

December 10, 2024 7:34 PM | Akashvani | Sivasagar

printer

শিৱসাগৰৰ বৰপুখুৰীত উদ্ধাৰ হোৱা পাৱাৰগ্ৰীড ক’পৰেচনৰ অভিযন্তা চিন্ত কুমাৰ পালৰ শৱদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন

শিৱসাগৰ নগৰৰ মাজমজিয়াৰ বৰপুখুৰীত কালি উদ্ধাৰ হোৱা পাৱাৰগ্ৰীড ক’পৰেচনৰ অভিযন্তা চিন্ত কুমাৰ পালৰ শৱদেহৰ মৰণোত্তৰ পৰীক্ষা আজি সম্পন্ন কৰা হয়। কালি পুৱাৰ ভাগত প্ৰাতঃভ্ৰমণৰ বাবে অহা লোকে বৰপুখুৰীত এটা মৃতদেহ ওপঙি থকা দেখি আৰক্ষীক খবৰ দিয়ে। আমাৰ শিৱসাগৰৰ সংবাদদাতাই জনোৱা মতে সহজে ধন উপাৰ্জনৰ ফান্দত ভৰি দি সৰ্বস্বান্ত হৈয়েই এই অভিযন্তাগৰাকীয়ে আত্মহননৰ পথ বাছি লোৱা বুলি প্ৰাৰম্ভিক অনুসন্ধানত কোৱা হৈছে।