শিৱসাগৰৰ নামতিত অনুষ্ঠিত ভাৰোত্তোলনৰ বিশেষ বাছনি শিবিৰত ভাৰোত্তোলক মীৰাবাঈ ছানু সমল ব্যক্তি হিচাপে অংশগ্ৰহণ

শিৱসাগৰ জিলাৰ নামতিত দুদিনীয়া অনুষ্ঠিত ভাৰোত্তোলনৰ বিশেষ বাছনি শিবিৰৰ আজি সামৰণি পৰে । এই বাছনি শিবিৰত টকিঅ’ অলিম্পিক ৰূপৰ পদকজয়ী ভাৰোত্তোলক মীৰাবাঈ ছানুৱে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। শিৱসাগৰ জিলা ভাৰোত্তোলন সন্থাৰ উদ্যোগত আৰু অসম ভাৰোত্তোলন সন্থাৰ সহযোগত অনুষ্ঠিত এই শিবিৰত ৰাজ্যখনৰ তিনিশতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। উত্তৰ প্ৰদেশ শ্ৰীৰাম ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত আৰু মীৰাবাঈ ছানুৰ নেতৃত্বত সম্পন্ন হোৱা এই শিবিৰৰ পৰা প্ৰতিভাৱান ভাৰোত্তোলক বাছনি কৰা হয়। এই শিবিৰৰ পৰা নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীয়ে শ্ৰীৰাম স্পৰ্টছ একাডেমীত উন্নত প্রশিক্ষণ লোৱাৰ সুযোগ লাভ কৰিব। উল্লেখযোগ্য যে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা ভাৰোত্তোলনৰ নতুন প্রতিভা চিনাক্ত কৰি দেশৰ সম্পদ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মীৰাবাঈ ছানুৱে মন্তব্য কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।