July 14, 2024 7:37 PM | ATASU

printer

শিৱসাগৰত সদৌ টাই-আহোম ছাত্ৰ সন্থাৰ ৩৬ সংখ্যক কেন্দ্ৰীয় প্রতিষ্ঠা দিৱস

সদৌ টাই-আহোম ছাত্ৰ সন্থাৰ ৩৬ সংখ্যক কেন্দ্ৰীয় প্রতিষ্ঠা দিৱস আজিৰেপৰা দুদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰত অনুষ্ঠিত হৈছে। নগৰখনৰ বৰ্ডিং খেল পথাৰত গছপুলি ৰোপণেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। ইয়াৰ পাছত পতাকা উত্তোলন, মৈদাম তৰ্পণ, শ্বহীদ শ্ৰদ্ধাঞ্জলি আদি অনুষ্ঠানৰ আয়োজন কৰা হয়। ইয়াৰ লগতে ডিম্বেশ্বৰ গগৈ সোঁৱৰণী সদৌ অসম ভিত্তিত তর্ক প্রতিযোগিতা অনুষ্ঠিত হয়। শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষই উদ্বোধন কৰা তৰ্ক প্ৰতিযোগিতাখনৰ বিষয় আছিল – ‘বৰ্তমান অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত আহোম স্বৰ্গদেউসকলৰ কূটনৈতিক পাৰদর্শিকতাৰ প্ৰাসংগিকতা আছে”। আজিৰ কাৰ্যসূচীত সন্ধিয়া বিভিন্ন দল-সংগঠনৰ নেতৃত্বৰ সৈতে মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হ’ব।