শিৱসাগৰ জিলাত আজি অসমীয়া যুৱক-যুৱতীক সংস্থাপনৰ লক্ষ্যৰে শিল্পী মানস ৰবীনৰ উদ্যোগত গঠন হোৱা ৰবীন আর্মীত পঞ্জীয়ন প্রক্রিয়া অনুষ্ঠিত হয়। শেহতীয়াকৈ শিল্পীগৰাকীয়ে মুকলি কৰা ৰবীন আৰ্মী এপৰ জৰিয়তে অসমীয়া যুৱক-যুৱতীৰ দক্ষতা বিকাশৰ লগতে আত্ম-সংস্থাপনৰ পথ মুকলি কৰাৰ চেষ্টা কৰা হৈছে। শিৱসাগৰৰ ব’ৰ্ডিং খেলপথাৰত অনুষ্ঠিত পঞ্জীয়ন প্ৰক্ৰিয়াত আজি বিশিষ্ট ছবি পৰিচালক ৰাজেশ ভূঞা উপস্থিত থাকে। শিৱসাগৰত ইতিমধ্যে ১৫০ জনৰো অধিক দক্ষতাসম্পন্ন যুৱক-যুৱতীয়ে এই এপত নিজৰ নাম পঞ্জীয়ন কৰে। ৰবীন আমীয়ে যুৱক-যুৱতীসকলক বিভিন্ন ক্ষেত্ৰত কাৰিকৰী প্ৰশিক্ষণ প্ৰদান কৰাৰ পাছতে আনুষ্ঠানিকভাৱে পঞ্জীয়ন প্রক্রিয়া সম্পন্ন কৰে। কৰ্মই ধৰ্ম বাণীক সাৰোগত কৰি ৰবীন আর্মী এখন নতুন, কর্মমুখী আৰু আত্ম-নিৰ্ভৰ অসম গঢ়াৰ লক্ষ্যৰে অগ্ৰসৰ হৈছে।
Site Admin | January 16, 2026 8:00 PM | Rabin Army
শিৱসাগৰত শিল্পী মানস ৰবীনৰ উদ্যোগত গঠন হোৱা ৰবীন আর্মীত পঞ্জীয়ন প্রক্রিয়া অনুষ্ঠিত