স্বাধীনতা সংগ্ৰামৰ প্ৰথম ছহিদ পিয়লি ফুকনৰ বিষয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনাৰ বাট মুকলি কৰি আজি শিৱসাগৰত কেন্দ্রীয় মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটাই ছহিদ পিয়লি ফুকন: দ্যা চন অৱ চইল শীৰ্ষক ইংৰাজী ভাষাত লিখি উলিওৱা গ্রন্থখন উন্মোচন কৰে। শিৱসাগৰ নগৰৰ যুবদল প্রেক্ষাগৃহত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত গ্রন্থখন উন্মোচন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে গ্রন্থখনে ৰাষ্ট্ৰীয় পৰ্যায়ত পিয়লি ফুকন সন্দৰ্ভত নতুন আলোচনাৰ বাট মুকলি কৰিলে। এই গৱেষণামূলক গ্ৰন্থখনৰ আধাৰতে দিল্লী বিশ্ববিদ্যালয় আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত শীঘ্ৰে ছহিদগৰাকীৰ জীৱনক লৈ বিশেষ আলোচনা অনুষ্ঠিত কৰা হ’ব বুলিও আয়োজক সমিতিয়ে জানিবলৈ দিছে। অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক, ঔপন্যাসিক ৰীতা চৌধুৰীয়ে কয় যে এই প্রয়াসে ছহিদগৰাকীক ৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকী কৰি দিয়াত সহায় কৰিব।
উল্লেখযোগ্য যে এই অনুষ্ঠানতে ব্ৰিটিছ উপনিবেশ বিৰোধী সংগ্ৰাম আৰু ছহিদ পিয়লি ফুকন শীর্ষক এক মনোগ্রাহী আলোচনাও অনুষ্ঠিত হয়। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথমগৰাকী ছহিদ মংগল পাণ্ডে নে পিয়লি ফুকন, এই লৈ বিশদভাবে আলোচনা কৰা হয়। টাই ভাষাৰ বিশিষ্ট পণ্ডিত পুষ্প গগৈ, শিক্ষাবিদ দয়ানন্দ বৰগোহাঁই, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচার্য ড° নিৰোদ বৰুৱাকে ধৰি অনুষ্ঠানত কেইবাগৰাকীও শিক্ষাবিদ-বুৰঞ্জীবিদে অংশগ্ৰহণ কৰে।