ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

শিৱসাগৰত এনকেফেলাইটিছ সদৃশ ৰোগত ২৫ জন লোক আক্ৰান্ত

শিৱসাগৰ জিলাত এনকেফেলাইটিছ সদৃশ ৰোগত ২৫ জন লোক আক্ৰান্ত হৈছে। জিলা স্বাস্থ্য বিভাগৰ উদ্ধৃতি দি আমাৰ সংবাদদাতাই জনোৱা মতে আক্রান্তসকলৰ ভিতৰত ১২ জন জাপানীজ এনকেফেলাইটিছত আক্রান্ত বুলি চিনাক্ত কৰা হৈছে। ইয়াৰ ভিতৰত ৩ জন লোকৰ মৃত্যু হৈছে। স্বাস্থ্য বিভাগে এই ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা অঞ্চলসমূহত ঔষধ ছটিওৱাৰ ব্যৱস্থা লৈছে। ইয়াৰ লগতে বানৰ পানী শুকাবলৈ ধৰা অঞ্চলসমূহতো মহৰ বংশবৃদ্ধি হ্ৰাস কৰিবলৈ ঔষধ ছটিওৱা হৈছে। এই ৰোগ চিনাক্তকৰণৰ পৰিপ্ৰেক্ষিতত বিভিন্ন স্থানত ঔষধযুক্ত আঁঠোৱা বিতৰণ কৰাৰ লগতে স্বাস্থ্য বিভাগে সজাগতা কাৰ্যসূচী গ্ৰহণ কৰি জনসাধাৰণক এই ৰোগৰ পৰা হাত সাৰি থকা উপায় সম্পৰ্কে অৱগত কৰিছে। তদুপৰি বানৰ পাছত ডায়েৰিয়াকে ধৰি বিভিন্ন ৰোগত যাতে জনসাধাৰণে আক্রান্ত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি পানী বিশুদ্ধকৰণৰ বাবে হেল’জেন টেবলেট আৰু অ আৰ এছ বিতৰণ কৰা হৈছে।