শিৱসাগৰত আধাৰশিলা ন্যাসৰ উদ্যোগত অহা ৫ ফেব্ৰুৱাৰীৰ পৰা ৪ দিনীয়া কাৰ্যসূচীৰে ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ ২০২৬ অনুষ্ঠিত হব। বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰীয়ে আজি শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত এখন সংবাদমেলত এই বিষয়ে সদৰি কৰে। তেওঁ কয় যে শব্দ, লয় আৰু কলাৰ জৰিয়তে মানৱতাৰ জয়গান গোৱাৰ বাবে এই সাহিত্য উৎসৱৰ আয়োজন কৰা হৈছে। এই উৎসৱ শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ লগতে দিচাংমুখ আৰু বৰ্ডিং খেলপথাৰত অনুষ্ঠিত হ’ব। এই উৎসৱত ম্যানমাৰ, কেনিয়া, হাংগেৰী, শ্লোকাভিয়াসহ পৃথিৱীৰ বিভিন্ন দেশৰ বক্তা, বুৰঞ্জিবিদ আৰু সাহিত্যিকে অংশগ্ৰহণ কৰিব। উৎসৱৰ লগতে সংগীতানুষ্ঠানৰো আয়োজন কৰা হ’ব। এই উৎসৱত বড়ো আৰু মিছিং জনগোষ্ঠীৰ সংস্কৃতি, সাহিত্য, আৰু লোকাচাৰত বিশেষ গুৰুত্ব দিয়া হ’ব। উৎসৱৰ অংশ হিচাপে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনাচক্রও অনুষ্ঠিত কৰা হ’ব। ইয়াৰ উপৰি শান্তি নিকেতনৰ পৰা অহা এটা দলে চিত্রকলা সন্দৰ্ভত কর্মশালা অনুষ্ঠিত কৰিব। দিচাংমুখৰ বালিচাপৰিত কবিতাৰ অনুষ্ঠানৰো আয়োজন কৰা হ’ব ।
Site Admin | January 7, 2026 8:44 PM | rita choudhuri
শিৱসাগৰত আধাৰশিলা ন্যাসৰ উদ্যোগত অহা ৫ ফেব্ৰুৱাৰীৰ পৰা ৪ দিনীয়াকৈ ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ