শিৱসাগৰ ভলীবল ক্লাবৰ উদ্যোগত আৰু জিলা ক্রীড়া সন্থাৰ সহযোগত অহা ৬ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে সদৌ অসম আন্তঃজিলা পুৰুষ আৰু মহিলাৰ দিবা নৈশ ভলীবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। শিৱসাগৰ নগৰৰ পিয়লিফুকন ষ্টেডিয়ামৰ জননেতা প্ৰণৱজিৎ চলিহা ক্ষেত্ৰত এই প্ৰতিযোগিতা আয়োজন কৰা হৈছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৪০ টা দলে এই প্রতিযোগিতাত অংশ গ্ৰহণ কৰিব। অহা ৮ ফেব্ৰুৱাৰীৰ নিশা সামৰণী অনুষ্ঠানৰ আয়োজন কৰা হ’ব।
Site Admin | January 20, 2026 8:17 PM | vollyball
শিৱসাগৰত অহা ৬ ফেব্ৰুৱাৰীৰ পৰা সদৌ অসম আন্তঃজিলা পুৰুষ-মহিলাৰ দিবা-নৈশ ভলীবল প্ৰতিযোগিতা