শিশুৰ সম্পূৰ্ণ সুৰক্ষাৰ বাবে আজি ৰাজ্যৰ ২৬ খন জিলাত পলিঅ’ দিবসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। উপৰাষ্ট্ৰীয় প্রতিষেধক প্রদান অভিযানৰ অধীনত ইতিপূর্বে পলিঅ’ প্রতিষেধক গ্ৰহণৰ পৰা বাদ পৰি যোৱা সকলো শিশুক এই অভিযানৰ অধীনত সামৰি লোৱা হ’ব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই জীৱন ৰক্ষাকাৰী পলিঅ’ প্রতিষেধক প্রদান নিশ্চিত কৰাৰ বাবে ৫ বছৰৰ তলৰ সকলো শিশুৰ পিতৃ-মাতৃ আৰু অভিভাৱকক আগবাঢ়ি অহাৰ বাবে আহ্বান জনাইছে। চিৰাং জিলাত আজিৰে পৰা এই প্রতিষেধক প্রদান কৰা হ’ব। ১৪ অক্টোবৰলৈ চলিবলগীয়া এই কাৰ্যসূচীৰ অধীনত জিলাখনৰ ৪০০টা কেন্দ্রত প্রতিষেধক প্ৰদান কৰা হ’ব। জিলাখনৰ আয়ুক্তই প্ৰকাশ কৰা মতে, ১৫৩৮ গৰাকী স্বাস্থ্য বিভাগৰ লোক এই প্রতিষেধক প্রদান কার্যত নিয়োজিত হৈ থাকিব। জিলাখনৰ ৬০,২৪৬ টি শিশুক এই প্রতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে।
দৰং জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আজিৰে পৰা জিলাখনত তিনিদিনীয়াকৈ উপৰাষ্ট্ৰীয় প্রতিষেধক প্রদান কার্যসূচী অনুষ্ঠিত হ’ব। ৫ বছৰ বয়সৰ তলৰ সকলো শিশুক দুটোপালকৈ পলিঅ’ প্রতিষেধক প্ৰদানৰ বাবে এই কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। জিলাখনৰ পৰিয়াল কল্যাণ শাখাৰ অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডা০ কমলাকান্ত শর্মাই প্রকাশ কৰা মতে জিলাখনত এক ৩৮,৭৬৩টা শিশুক পলিঅ’ প্রতিষেধক প্রদান কৰা হ’ব। তদুপৰি ৫৩টা ভ্রাম্যমান প্রতিষেধক প্রদানকাৰী দলে দুর্গম আৰু যাতায়াতৰ অসুবিধা থকা স্থানলৈ গৈ প্রতিষেধক প্রদান কৰিব। ইয়াৰ বাবে ২৯৬২ গৰাকী স্বাস্থ্য কর্মী আৰু ২০৩ গৰাকী পৰিদৰ্শক নিয়োগ কৰা হৈছে আৰু তেওঁলোকক যাবতীয় প্রশিক্ষণেৰে সাজু কৰি তোলা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।