শিশুসকলৰ বাবে সৃজনীশীল আৰু কলাত্মক কৰি তোলাৰ ক্ষেত্ৰত গ্ৰীষ্মকালীন কর্মশালাই ইতিবাচক ভূমিকা গ্ৰহণ কৰিব পাৰে বুলি দৃষ্টিপাত অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ প্রকাশ  

বিভিন্ন ব্যতিক্রমী বিষয় লৈ ৰাজ্যৰ প্ৰান্তে প্রান্তে আয়োজিত গ্রীষ্মকালীন শিবিৰসমূহে শিশুসকলৰ সর্বাঙ্গীন বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ সমৰ্থ হৈছে। ‘গ্রীষ্মকালীন শিবিৰ’ সম্পৰ্কত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত কালি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে এই বিষয়ে প্রকাশ কৰে। বিশিষ্ট প্ৰকাশক ধীৰাজ গোস্বামীয়ে সঁফুৰা আলোচনীৰ উদ্যোগত ২০০৪ চনতে শিশুসকলৰ উপযোগীকৈ গ্ৰীষ্মকালীন শিবিৰ অনুষ্ঠিত কৰাৰ বিষয়ে উল্লেখ কৰে। গ্ৰীষ্ম বন্ধৰ সময়ছোৱা বিদ্যায়তনিক চাপৰ পৰা কিছু দূৰৈত ৰাখি ছাত্ৰ- ছাত্ৰীসকলৰ সময়ছোৱা মুকলি আৰু আনন্দময় কৰি তোলাৰ এয়া এক সুন্দৰ প্ৰচেষ্টা বুলি তেওঁ উল্লেখ কৰে। অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই পৰিষদৰ উদ্যোগত এইবাৰ গুৱাহাটীত প্ৰথমবাৰৰ বাবে আয়োজিত গ্রীষ্মকালীন শিশু মহোৎসৱৰ বিষয়ে উল্লেখ কৰে। এঘাৰ দিনীয়া এই মহোৎসৱত গীত, নাট, যোগাভ্যাস, মুকাভিনয়, নৃত্যকে ধৰি বিভিন্ন বিষয় সামৰি লোৱাৰ লগতে অভিভাৱকসকলকো নিজৰ প্ৰতিভা বিকাশৰ সুযোগ দিয়া হৈছিল বুলি তেওঁ কয়। এই অনুষ্ঠানত বিশিষ্ট অভিনেতা, নাট্যকর্মী অসীম কৃষ্ণ বৰুৱাই গৰমৰ বন্ধৰ এই সময়ছোৱা শিশুসকলৰ বাবে সৃজনীশীল আৰু কলাত্মক কৰি তোলাৰ ক্ষেত্ৰত গ্ৰীষ্মকালীন কর্মশালাই ইতিবাচক ভূমিকা গ্ৰহণ কৰিব পাৰে বুলি উল্লেখ কৰে। এই অনুষ্ঠানত আমাৰ কেইবাখনো জিলাৰ সংবাদদাতা সকলে অংশ লৈ জিলাসমূহত ব্যতিক্রমীভাৱে আয়োজিত গ্রীষ্মকালীন শিবিৰৰ বিষয়ে উল্লেখ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।