ডাউনলোড
মোবাইল এপ

android apple
signal

July 9, 2025 7:50 PM | Verdict

printer

শিশুক যৌন নিৰ্যাতনৰ গোচৰত দুজন অভিযুক্ত যাৱজ্জ্বীৱন কাৰাদণ্ড

কামৰূপ মহানগৰ জিলাৰ পকছ’ আদালতে শিশুক যৌন নিৰ্যাতনৰ গোচৰত জয়ন্ত তালুকদাৰ নামৰ এজন লোকক যাৱজ্জীৱন কাৰাদণ্ড আৰু ১ লাখ টকা জৰিমনা বিহিছে। পল্টন বজাৰ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত আদালতে লোকজনক এই শাস্তি বিহে। জালুকবাৰী থানাৰ আন এটা গোচৰত আজি আদালতে জানু বৰুৱা এজন লোকক ৫ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ৫০ হাজাৰ টকা জৰিমনা বিহিছে।
ওদালগুৰি জিলা বিশেষ ন্যায়াধীশৰ আদালতে শিশু যৌন নিৰ্যাতনৰ অপৰাধত দোষী সাব্যস্ত লক্ষীৰাম হেমব্রম নামৰ এজন অপৰাধীক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ২০ হাজাৰ টকাৰ জৰিমনা বিহে। হৰিশিঙা থানাৰ অন্তৰ্গত শান্তিপুৰ ধিপাবস্তিৰ বাসিন্দা লোকজনে ২০২৩ চনৰ ৩ ফেব্ৰুৱাৰীৰ পুৱা জিলাখনৰ স্বপনগাঁও কাচিতোলাৰ এটি শিশুক যৌন নির্যাতন চলাইছিল। শিশুটিৰ মাতৃৰ এজাহাৰৰ ভিত্তিত ওদালগুৰি আৰক্ষীয়ে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। ওদালগুৰি জিলাৰ বিশেষ ন্যায়াধীশ এন চানাবায়া দেউৰীৰ আদালতে সাক্ষ্য প্রমাণৰ ভিত্তিত লোকজনক দোষী সাব্যস্ত কৰি শাস্তিৰ ৰায় দিয়াৰ লগতে ভুক্তভোগী পৰিয়ালক ৫ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ বাবে জিলা আইন সেৱা প্ৰাধিকৰণক নির্দেশ দিয়ে।
ইপিনে, কামৰূপ জিলাৰ চাংসাৰি থানাৰ অন্তৰ্গত ডোৰাকহৰা গাঁৱত ২০১৩ চনৰ ১৩ জুলাইত সংঘটিত ধৰ্ষণৰ ঘটনাৰ অপৰাধত আজি ৰঙিয়াৰ অতিৰিক্ত জিলা আৰু ছেছন ন্যায়াধীশ মুকুল চেতিয়াই অভিযুক্তক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায় দিয়ে। আদালতে উপযুক্ত তথ্য প্ৰমাণৰ ভিত্তিত আজি অভিযুক্ত হিতেশ কাকতি নামৰ লোকজনক এই শাস্তিৰ ৰায় দিয়াৰ লগতে ৫ হাজাৰ টকাৰ জৰিমনা বিহে। তদুপৰি ভূক্তভোগী যুৱতীগৰাকী জিলা ন্যায়িক প্ৰাধিকৰণৰ তৰফৰ পৰা ১ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে বুলি চৰকাৰী পক্ষৰ অধিবক্তাই প্ৰকাশ কৰে।