November 3, 2025 6:56 PM | CM

printer

শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ অভিযোগনামা ১০ ডিচেম্বৰৰ ভিতৰতে দাখিল কৰা হ’বঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তৰ অন্তত ডিচেম্বৰৰ ১০ তাৰিখৰ ভিতৰতে অভিযোগনামা দাখিল কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি পুনৰ প্ৰকাশ কৰিছে। সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে কয়, যে এই অভিযোগনামা ১৭ ডিচেম্বৰৰ পূৰ্বে দাখিল কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল যদিও ৮ তাৰিখৰ ভিতৰতে এই অভিযোগনামা দাখিলৰ বাবে মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ দিছে। অভিযোগনামা দাখিল প্ৰক্ৰিয়াত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ অনুমোদন প্রয়োজন হোৱা হেতুকে মুখ্যমন্ত্ৰীয়ে কালি এই অনুমোদনৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে নতুন দিল্লীত আলোচনা কৰে বুলিও জানিবলৈ দিয়ে। ইপিনে আজিও অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে কেইবাগৰাকীও লোকৰ সাক্ষ্য গ্ৰহণ কৰে । জুবিন গাৰ্গৰ সহযোগী কণ্ঠশিল্পী শতাব্দী বৰাৰ আজি পুনৰ সাক্ষ্য লোৱা হয়। একেদৰে সাংবাদিক তথা ইউটিউবাৰ চক্রপাণি পৰাশৰৰো আজি আৰক্ষীয়ে সাক্ষ্য গ্ৰহণ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।